হাড়ৰ ক্ষয় ৰোধ কৰিবলৈ পুষ্টিবিদসকলে খাদ্যৰ তালিকাত গাখীৰ আৰু ঘিউ সন্নিৱিষ্ট কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ বাহিৰেও ঘিউ আৰু গৰুৰ গাখীৰ পৃথকে পৃথকে খোৱাৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে সচেতন। কিন্তু গাখীৰৰ লগত ঘিউ মিহলাই খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী জানেনে? শুনি আচৰিত হৈছে নেকি? আয়ুৰ্বেদ শাস্ত্ৰ মতে গাখীৰৰ সৈতে ঘিউ মিহলাই খোৱাটো আটাইতকৈ উপকাৰী। ৰাতি ঘিউৰ সৈতে গাখীৰ খালে অধিক উপকাৰ পোৱা যায়।
গাখীৰত কেলচিয়াম, প্ৰটিন, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম আদি খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও গাখীৰত ভিটামিন এ, ডি, বি-৬, ই, কে থাকে। আনহাতে, ঘিউ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। ঘিউত থাকে ভিটামিন এ, ডি, ই আৰু কে আদি। স্বাস্থ্যকৰ চৰ্বিৰ অন্যতম বিকল্প হ’ল ঘিউ। সেয়েহে ঘিউৰ সৈতে খাখীৰ মিহলাই খালে শৰীৰে অধিক উপকাৰ লাভ কৰে ৷
১) ঘিউৰ লগত মিহলি কৰা গাখীৰে পাচন এনজাইমৰ নিঃসৰণত উদ্দীপিত কৰে। বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰাৰ লগতে পাচনতন্ত্ৰও শক্তিশালী কৰে। অন্ত্ৰৰ বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰে। গাখীৰৰ লগত ঘিউ মিহলাই খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম পোৱা যায়।
২) গাঁঠিৰ বিষ কমোৱাত এই পানীয় অতি উপযোগী। ঘিউত থকা ভিটামিন কে-২-এ গাখীৰৰ পৰা কেলচিয়াম শোষণ কৰাত সহায় কৰে। ফলত হাড়বোৰ মজবুত হৈ পৰে। বৃদ্ধ অৱস্থাত এই পানীয় নিয়মিতভাৱে সেৱন কৰিব পাৰি।
৩) বহুতে মানসিক চাপৰ বাবে অনিদ্ৰাৰ সমস্যাত ভোগে ৷ ঘিউৰ লগত মিহলি গাখীৰ একাপ খালে আপোনাৰ স্নায়ু শান্ত হয়, যাৰ ফলত সোনকালে টোপনি আহে ৷ মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিতো এই পানীয় অতি উপযোগী।
৪) ঘিউ আৰু গাখীৰ, দুয়োটা প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। ছালখন উজ্জ্বল কৰাৰ বাবে ঘিউ আৰু গাখীৰ অতি উপযোগী ৷বহু সময়ত প্ৰদূষণ আৰু মানসিক ক্লান্তিৰ বাবে ছালখন নিস্তেজ দেখা যায়। ৰাতি গাখীৰ আৰু ঘিউ খালে ছালৰ আৰ্দ্ৰতা বৃদ্ধি পায়। উজ্জ্ব;লতা ঘূৰাই অনাতো সহায় কৰে।
৫) ঘিউৰ লগত নিয়মিত গাখীৰ সেৱন কৰাটো যৌন জীৱনৰ বাবে উপকাৰী। যৌন শক্তিৰ লগতে শুক্ৰাণু উৎপাদনতো ই সহায় কৰে।
(সজাগতাৰ উদ্দেশ্যে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । যদি আপোনাৰ কোনো দীৰ্ঘদিনীয়া ৰোগ আছে তেন্তে এই পানীয় খোৱাৰ আগতে চিকিৎসক বা পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ লওক।)