এই ব্যস্তাপূৰ্ণ জীৱনত মানসিক চাপ যেন জীৱনৰ এটা অংশ হৈ পৰিছে। ইয়াৰ পৰা হাত সাৰিবলৈ নাইবা অলপ শান্তি অনুভৱ কৰিব পৰা আমি এনে কিছুমান ঠাইলৈ যাব পাৰো য’ত আমি সকলো পাহৰি কেৱল শান্তি অনুভৱ কৰোঁ। ইয়াৰ বাবে এক উত্তম স্থান হ’ল ভগৱান বুদ্ধৰ উপাসনা স্থল বৌদ্ধ মঠ সমূহ য’ত বৌদ্ধ ধৰ্মৰ গুৰুসকলে তেওঁলোকৰ শিষ্যসকলক শিক্ষা বা আধ্যাত্মিক জ্ঞান প্ৰদান কৰে।
লাডাখৰ ফুগতাল মঠ-লাডাখৰ সুদূৰ পাহাৰত নিৰ্মিত ফুকতাল মঠ দেখাত মৌচাকৰ দৰে । গুহাত লুকাই থকা এই মঠৰ ইতিহাস ২৫০০বছৰ পুৰণি। এই মঠটোত প্ৰায় ২০০ বৌদ্ধ সন্ন্যাসীয়ে বাস কৰে। স্মৃতিসৌধৰ উপৰিও ইয়াত কোঠা আৰু পুথিভঁৰালো আছে। নদীৰ ওপৰত নিৰ্মিত ওলমা দলংখন ব্যৱহাৰ কৰি ইয়ালৈ যাব লগা হয়।
হেমিছ মঠ, লাডাখ-লেহৰ পৰা ৪৫ কিলোমিটাৰ দক্ষিণে অৱস্থিত হেমিছ মঠ লাডাখৰ এটা বিখ্যাত বৌদ্ধ মঠ। লাডাখৰ ৰজা চেংগে নামগ্যালে নিৰ্মাণ কৰা এই হেমিছ মঠ ভাৰতৰ সাত আশ্চৰ্য্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ৷ আনহাতে দেশৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত এই মঠ । সেউজীয়া পাহাৰ আৰু ভয়ংকৰ পৰ্বতৰ মাজত সিন্ধু নদীৰ পাৰত অৱস্থিত হেমিছ মঠ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় মঠ, যাৰ বাবে ই পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হেমিছ মাথ ভাৰতৰ অন্যতম চহকী মঠ। ইয়াত সোণ-ৰূপেৰে নিৰ্মিত স্তুপৰ লগতে ভগৱান বুদ্ধৰ এক তামৰ মূৰ্তিও আছে।
অৰুণাচল প্ৰদেশৰ টাৱাং মঠ- টাৱাং মঠ অৰুণাচল প্ৰদেশত অৱস্থিত দেশৰ ভিতৰতে সৰ্ববৃহৎ আৰু বিখ্যাত বৌদ্ধ মঠ । এই মঠ টাৱাং নদীৰ উপত্যকাৰ টাৱাং চহৰৰ ওচৰত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা দহ হাজাৰ ফুট উচ্চতাত অৱস্থিত এই মঠটোক ‘গাল্ডেন নামগ্যাল লাটচে’ বুলিও কোৱা হয়। ইয়াৰ জুপুৰি সদৃশ পুথিভঁৰালটোত বুদ্ধৰ প্ৰতিমূৰ্তি আৰু পবিত্ৰ গ্ৰন্থ আছে।
ডিস্কিট মনাষ্ট্ৰী, লেহ- ডিস্কোট মঠ ভাৰতৰ অন্যতম বিখ্যাত বৌদ্ধ মঠ যাক দালাই লামাই উদ্বোধন কৰিছিল। এই মঠটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইয়াত এটা বেচৰকাৰী সংস্থাৰ সহায়ত এখন বিদ্যালয় স্থাপন কৰা হৈছে য’ত অঞ্চলটোৰ তিব্বতী শিশুসকলক ইংৰাজী ভাষাত বিজ্ঞান বিষয়সমূহ শিকোৱা হয় ৷
ছিকিমৰ ৰুমটেক মঠ-ছিকিমৰ ৰাজধানী গেংটকৰ সমীপত অৱস্থিত ৰুমটেক মঠক ধৰ্ম চক্ৰ কেন্দ্ৰ বুলিও জনা যায়। গেংটকৰ সমীপৰ ৰুমটেক মঠ ছিকিমৰ আটাইতকৈ ডাঙৰ মঠ, য’ত বৃহৎ সংখ্যক বৌদ্ধ সন্ন্যাসীয়ে বাস কৰে।
মিণ্ড্ৰলিং মঠ, ডেৰাডুন-ভাৰতৰ অন্যতম ধুনীয়া মঠ মিণ্ড্ৰলিং মঠ। উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত এই মঠটো পৰ্যটকৰ আকৰ্ষণৰ এক প্ৰধান কেন্দ্ৰ। এই মঠ ১৬৭৬ চনত ৰিগজিন টেৰডাক লিংপাই নিৰ্মাণ কৰিছিল। ১০৭ ফুট উচ্চতাত থকা ইয়াৰ ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি ভাৰতৰ আটাইতকৈ ওখ স্তুপ। ইয়াত প্ৰায় ৩০০ বৌদ্ধ সন্ন্যাসী বাস কৰে আৰু এই কাৰণেই বৌদ্ধ ধৰ্মত বিশ্বাসী লোকসকল ইয়ালৈ বেছিকৈ আহে।