নিজৰ চুলিটাৰি ধুনীয়া কৰি ৰাখিবলৈনো কাৰ মন নাযায়। কিন্তু একোচা সুন্দৰ চুলিৰ অধিকাৰী হ’বৰ বাবে চুলিটাৰিৰ যত্ন লোৱাটোও বহুত জৰুৰী। বৰ্তমান সময়ত ধূলি, ধোঁৱা আদিৰ লগতে অস্বাস্থ্যকৰ খাদ্যইও চুলিৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়।
একোচা স্বাস্থ্যবান চুলিৰ অধিকাৰী হ’বৰ বাবে কেৱল বজাৰত উপলব্ধ দামী চেম্পু অথবা কন্ডিশ্যনাৰ ঘঁহিলেই ভাল ফল পোৱা নাযায় । চুলিয়ে আচল পুষ্টি নিজৰ গুৰিৰ পৰা পায়। সেইবাবেই নিয়মিতভাৱে চুলিত তেল ঘঁহাৰ অভ্যাস কৰিব লাগে।
চুলিত ঘঁহা তেল বুলি ক’লে বহুতো লোকে কেৱল নাৰিকল তেলহে চিনি পায়। কিন্তু তাৰ উপৰিও চুলিৰ বাবে উপকাৰী প্ৰকৃতিগত বহুতো ভাল ভাল তেল পোৱা যায়।

- নাৰিকল তেল সকলো প্ৰকাৰৰ চুলিৰ বাবে উপযোগী। চুলিৰ বৃদ্ধি, গঠনৰ ক্ষেত্ৰত নাৰিকল তেলৰ গুণাগুণ অপৰিসীম। তদুপৰি উফি নিৰ্মুল, মুৰৰ শুকান তালুৰ ক্ষেত্ৰত পুষ্টি যোগান ধৰাৰ লগতে চুলি উজ্জ্বল হোৱাত সহায় কৰে নাৰিকল তেলে ।সৰ্বাধিক লোকে চুলিত নাৰিকল তেল ব্যৱহাৰ কৰা দেখা যায়।

- আলমণ্ড অইল চুলিত লগালে চুলি সৰা সমস্যাৰ পৰা যথেষ্ট পৰিত্ৰাণ পোৱা যায়। নিয়মিত এই তেল ব্যৱহাৰৰ ফলত চুলি সোনকালে দীঘল হয় । ভিটামিন ই উপাদানেৰে ভৰপুৰ আলমণ্ড তেলে চুলি পৰিষ্কাৰ কৰাৰ লগতে চুলি স্বাস্থ্যৱান কৰি তোলে।

- এভ’কাড’ ফলৰ তেল পাতল আৰু কোমল । ইয়াত ভিটামিন এ, বি, ডি, ই, আইৰন, এমিন’ এচিড আৰু ফলিক এচিড আদি উপাদানবোৰ পোৱা যায়। এই উপাদানসমূহে চুলিৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ গ্ৰীষ্মৰ দিনত চুলিৰ বাবে এই তেল যথেষ্ট উপকাৰী।

- জ’জবা অইল শুকান তথা ফাটি যোৱা চুলিৰ বাবে যথেষ্ট উপকাৰী। উফি নিৰ্মুল কৰাৰ লগতে মূৰৰ ছালত প্ৰাকৃতিক তেলৰ যোগান ধৰাৰ ক্ষেত্ৰতো উপকাৰী এই তেল।

- চুলিৰ ক্ষেত্ৰত অলিভ অইল বা জলফাই তেলে কণ্ডিচনাৰ হিচাপে কাম কৰে। তদুপৰি ই স্পৰ্শকতাৰ চুলিৰ বাবে উপযোগী। আনহাতে অলিভ অইলে মূৰৰ ছালৰ ক্ষেত্ৰত উৎকৃষ্ট ময়শ্বাৰাইজাৰ হিচাপেও কাম কৰে।