অসমীয়াৰ এবিধ চিনাকি গছ বকফুল। গছজোপাত ডাল ভৰি বগা বগা বকফুল গছ জোপাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ফুলবোৰ যে অকল দেখিবলৈ ধুনীয়া এনে নহয় বকফুলবোৰ বহুতো ঔষধি গুণেৰেও ভৰপূৰ। ক্ৰিমি , কফ , বিষ দোষ আৰু ৰক্ত পিত্তৰ বাবে উপকাৰী। বকফুল খালে স্মৃতিশক্তি আৰু বুদ্ধি বৃদ্ধি হয়। ম’হৰ দৈৰ লগত বকফুলৰ চূৰ্ণ মিহলাই শৰীৰত মালিচ কৰিলে শৰীৰত হোৱা ব্ৰণ ভাল হয় , গা ফটা ভাল হয় আৰু শৰীৰৰ ছাল নিমজ হয়। বকফুল ঘিউত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয় বুলি জনা যায়। কিন্তু এই বকফুলবোৰ কেনেকৈ খাব পাৰি জানো আহকচোন–
বকফুল ভাজি বা মিক্স ছবজীত দি খাব পাৰি। ইয়াৰ উপৰি বকফুলৰ ব’ৰ খাবলৈ অতি সোৱাদময় হয়। বকফুলৰ ব’ৰ কেনেকৈ বনাব পাৰি জানো আহক-
বকফুল কেইটা ভালকৈ পানীৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে। ফুলৰ মাজত থকা দীঘল মিহি ঠাৰি দাল কাটি উলিয়াই দিব লাগে। কাৰণ সেই ঠাৰি দাল হজম নহয়। আন এটা পাত্ৰত বেচন , ময়দা বা পিঠাগুৰি অলপ ৰিফাইন তেলেৰে মাৰি লৈ পানী দি পেষ্ট বনাই ল’ব লাগে। এই পেষ্ট খিনিত আন্দাজ মতে নিমখ আৰু হালধি দি ভালকৈ মিহলাব লাগে। এতিয়া গৰম তেলত এপাহ ফুললৈ পেষ্ট খিনিত লুটিয়াই ভাজিব লাগে। ৰঙচুৱা হ’লে নমাই থব লাগে। দেখিবলৈ যেনেকৈ ধুনীয়া ঠিক তেনেকৈ খাবলৈও অতি সোৱাদময় হয়। গতিকে এই ঔষধি গুণেৰে ভৰা সোৱদ যুক্ত খাদ্যবোৰ বতৰত পোৱা সময়তে খাওঁ আহক।