আমগছ অতি পৱিত্ৰ গছ। হিন্দু ধৰ্মৰ বিভিন্ন মাংগলিক কাৰ্যত আমৰ ফল আৰু ডালপাত ব্যৱহাৰ কৰি আহিছে। প্ৰাচীন শাস্ত্ৰৰ মতে আম ভাৰতৰ বুনিয়াদী বৃক্ষ। ফলৰ ৰজা আমক জাতীয় ফল বুলিও কব পাৰি। ভাৰতবৰ্ষত প্ৰায় ১০০০ প্ৰজাতিৰ আম পোৱা যায়। কেঁচা আমতকৈ পকা আম দেহৰ কাৰণে অতি উপকাৰী। পকা আম বীৰ্যবৰ্ধক , বায়ুনাশক , বলকাৰক , পুষ্টিকাৰক আৰু তৃপ্তিজনক।
গাখীৰৰ লগত পকা আম খালে শৰীৰত শক্তি বৃদ্ধি হয়। শুক্ৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু বায়ু পিত্ত নাশ কৰে।
১) পকা আমে দেহত বল -বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধি হোৱাত বিশেষভাৱে সহায় কৰে।
২) বায়ু ৰোগ নাশ কৰিবলৈ পকা আম দিনে দুটাকৈ খাব লাগে।
৩) যাৰ মগজু দুৰ্বল তেনে লোকে একাপ পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস অলপ চেনি মিহলি কৰি দিনে এবাৰকৈ খালে মগজুৰ দুৰ্বলতা দূৰ হয়।
৪) সমান সমান পৰিমাণৰ আম আৰু ক’লা জামুৰ ৰস ২০০ গ্ৰামকৈ মিহলি কৰি খালে বহুমূত্ৰ ৰোগ আৰোগ্য হয়।
৫) যক্ষ্মা ৰোগত একাপ আমৰ ৰসত ১০ গ্ৰাম মৌ জল মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে ১৫/২০ দিন খালে যথেষ্ট উপকাৰ পোৱা যায়। এইদৰে খোৱাৰ পিছত গৰুৰ গাখীৰ খাব নালাগে।
৬) কুকুৰীকণা বা চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ হ’লে নিতৌ পকা আমৰ ৰস ২০০ গ্ৰামকৈ খোৱা ভাল ।
৭) শিশুৰ পয়ালগা ৰোগ দূৰ কৰিবৰ কাৰণে পকা আমৰ ৰস ১০০ গ্ৰাম দিনে দুবাৰকৈ খুৱাব লাগে।
৮) আহাৰ গ্ৰহণ কৰাৰ পিছত পকা আম খালে আহাৰ হজম হোৱাত সহায় কৰে।
৯) গাৰ ছাল নিমজ কৰিবৰ কাৰণে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে পকা আমৰ ৰস খাব লাগে।
১০) অৰ্শ বা কেঁচুমূৰীয়া ৰোগ ভাল কৰিবলৈ মিঠা আমৰ ৰস আধা কাপ , মিঠা দৈ ২৫ গ্ৰাম , তিনি চামুচ আদাৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে ১০/১৫ দিন খাব লাগে।
এতিয়া আমৰ বতৰ। ধুনীয়া ধুনীয়া সোৱাদযুক্ত আমেৰে ভৰি আছে শুৱনি অসমৰ শুৱনি গাওঁবোৰ। তাৰোপৰি বিভিন্ন আমেৰে উভৈনদী হৈ আছে আজিৰ বজাৰ। গতিকে অৱহেলা নকৰি বতৰৰ ফল খাওঁক আৰু সুন্দৰ হৈ থাকক।