মহানগৰীৰ চিকিৎসালয়ৰ বিচনাত অকলশৰীয়া এজন অসহায় ব্যক্তি ৷ মানুহ জনৰ নাম নিলোৎপল গগৈ৷ জানিবপৰা মতে ঘৰ শিৱসাগৰত |দুৰ্ভাগ্যজনক ভাৱে মানুহ জনৰ পৰিবাৰ বৰ্তমান গুৱাহাটীৰ এপল’ হস্পিটেলৰ আই.চি.ইউ.(ICU) ৰ বিছনাত৷ আনফালে তেওঁৰ মাতৃ গুৱাহাটীৰ আন কোনোবা এখন চিকিৎসালয়ত | পৰিবাৰ আৰু মাতৃক চিকিৎসালয়ত থৈ পল্টন বজাৰৰ এখন হোটেলত আছিল নিলোৎপল গগৈ নামৰ এই লোকজন | কিন্তু পুৱা ৪ মান বজাত নিজে গাড়ী চলাই আহোতে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান তেওঁ নিজেই চিকিৎসালয়ত চিকিৎসাধীন | জানিব পৰা মতে দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰাই তেওঁক | দুৰ্ঘটনাটোত তেওঁৰ গাড়ী খনৰ সন্মুখ ভাগ সম্পূৰ্ণ ভাঙি যোৱা বুলিও ইতিমধ্যে জনাইছে আৰক্ষীয়ে |
কিন্তু তাতকৈও দুৰ্ভাগ্যজনক কথাটো হ’ল যে তেওঁৰ লগত বৰ্তমান সময়ত নাই কোনো বন্ধু বা আত্মীয় স্বজন৷ গতিকে সুশ্ৰুষাৰ বাবেও এতিয়া কোনো নাই লোকজনৰ কাষত |ইফালে তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান থাকে কলিকতাত |
বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত এই বাতৰিয়ে চিন্তিত কৰি তুলিছে বহুজনক ৷ দুখজনক বাতৰিটোৱে ৰাইজক এবাৰলৈ হ’লেও এই কথা নিশ্য় ভবাই তুলিছে যে পইচাই সকলো নহয় ৷ প্ৰকৃতাৰ্থত পইচাত কৈ ডাঙৰ মানুহ |সামাজিক মাধ্যমত ফটোখন আপলোড কৰি বহুজনে লিখিছে যে আপোনাৰ বিপদত আপোনাৰ কাষত যদি কোনো মানুহ নাই তেন্তে সেই পইচাৰো কোনো মূল্য নাই |
আশা কৰা হৈছে যে সামাজিক মাধ্যমত বিভিন্ন জনে শ্বেয়াৰ কৰা এই বাতৰিটোৱে নিশ্চয়কৈ এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু হ’লেও উপকৃত কৰিব ৷বাতৰিটোৰ যোগেদি পৰিয়ালটোৰ লগতে যেন মানুহ জনৰ কিছু হ’লেও উপকাৰ হয় তাকেই অন্তঃকৰণেৰে কামনা কৰিছে প্ৰতিজন লোকে |