শীতৰ আগমণৰ লগে লগে এলেহুৱা ভাৱে আগুৰি ধৰিছে নেকি বা বতৰৰ পৰিৱৰ্তনৰ লগত খাপ খাব পৰা নাই নেকি? যদি এনেকুৱা হৈছে তেনেহ’লে তাৰ কাৰণবোৰ জানো আহক–
শীতৰ দিনত শৰীৰ সুস্থ ৰাখিবলৈ আমাৰ শৰীৰত কিছুমান উপাদানৰ প্ৰয়োজন আছে। জানো আহক এই উপাদানৰ বিষয়ে।
১) আয়ৰণ :- যদি ঠাণ্ডা বেছিকৈ অনুভৱ হয় বা আনতকৈ ঠাণ্ডা বেছিকৈ লাগে তেনেহ’লে শৰীৰত আয়ৰণৰ পৰিমাণ কম হলেও এনে হ’ব পাৰে। চিকিৎসকৰ মতে , শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু শৰীৰক গৰম ৰাখিবলৈ আয়ৰণৰ যথেষ্ট ভূমিকা আছে। ইয়াৰ উপৰিও ছাল আৰু চুলি ভালে ৰাখিবলৈ আয়ৰণ যুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে পুষ্টি বিশেষজ্ঞ সকলে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খোৱাৰ উপৰিও প্ৰতিদিনৰ খাদ্য তালিকাত শাক-পাচলি , কণী , গাখীৰ , মাছ , মাংস , ড্ৰাই ফুটচ খোৱাৰ লগতে গুড় খালেও আয়ৰণৰ অভাৱ পুৰণ হয়।
২) কেলছিয়াম :- হাড় মজবুত ৰাখিবলৈ কেলছিয়ামৰ যথেষ্ট গুৰুত্ব আছে । অকল হাড় বুলিয়ে নহয় ভিটামিন ডি’ ৰ লগত কেলছিয়ামৰ প্ৰয়োগে কেঞ্চাৰ , ডায়বেটিছ আৰু উচ্চ ৰক্তচাপৰ সমস্যাও নিয়ন্ত্ৰণত ৰাখিব পাৰে। গাখীৰৰ উপৰিও যিকোনো দুগ্ধজাত খাদ্যতেই কেলছিয়ামৰ পৰিমাণ বহুত থাকে । ইয়াৰ উপৰিও কাঠবাদাম , শাক-পাচলি আৰু সাগৰীও মাছ খালেও কেলছিয়ামৰ অভাৱ পুৰণ হয়।
৩) ফলিক এছিদ :- শৰীৰত নতুন কোষ সৃষ্টি কৰিবৰ বাবে ফলিক এছিদ অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ গৰ্ভৱতী মহিলাৰ বাবে এই উপাদানটি খুবেই প্ৰয়োজনীয়। পালেং শাক , বিট , ব্ৰকলি আদি পাচলিৰ উপৰিও কল , কমলা , নেমু আদি ফলত যথেষ্ট পৰিমাণে ফলিক এছিদ পোৱা যায়।
৪) ভিটামিন চি’ :- ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ভিটামিন চি’ ৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰতিদিন ৰাতিপুৱা কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খালে কিছু পৰিমাণে হ’লেও ভিটামিন চি’ৰ অভাৱ দূৰ হয়। ইয়াৰ উপৰিও গাজৰ , শাক-পাচলি ,বিলাহীত যথেষ্ট পৰিমাণে ভিটামিন চি’ থাকে।