ফুল আমি সকলোৱে ভাল পাওঁ। সকলোৰে ঘৰত এখন সৰুকৈ হলেও ফুলৰ বাগিছা থকা দেখা যায়। মাটিতে হওক বা টাবতে হওঁক কম -বেছি পৰিমাণে সকলোৱে ফুলৰ খেতি কৰে। ফুলবোৰ যেতিয়া ফুলি থাকে সৰুৰ পৰা বৃদ্ধ সকলোৰে মন বিলাক আনন্দৰে ভৰি থাকে। ফুল সৌন্দৰ্যৰ প্ৰতীক হোৱাৰ উপৰিও ফুলৰ বহুতো ঔষধি গুণ আছে । জানো আহকচোন আজি ফুলৰ ৰাণী গোলাপৰ বিষয়ে-
১) গোলাপ ফুল তিনিপাহ পানীত ধুই তাক একাপ পানীত কিছুসময় তিয়াই ৰাখি তাত এক চামুচ হালধিৰ গুড়া মিহলি কৰি ভালদৰে মিশ্ৰণ কৰি ল’ব লাগে। এই মিশ্ৰণ চকু ৰঙা পৰা ৰোগত ২ / ৩ টোপালকৈ দিলে ভাল হয়।
২) পেটত গেছ জমা হৈ শৌচ কঠিন হ’লে গোলাপ ফুলৰ পাহি ৪ / ৫ টা পিহি খাব লাগে।
৩) মূৰৰ বিষ হ’লে গোলাপ ফুলৰ পাহিৰ ৰস উলিয়াই নাকৰ বিন্ধাত ৩ / ৪ টোপাল দিলে মূৰৰ বিষৰ পৰা পৰিত্ৰান পাব পাৰি।
৪) আহাৰ গ্ৰহণ কৰাৰ পিছত গোলাপ ফুলৰ পাহি ৪ / ৫ টা নিয়মিয়াকৈ খালে আহাৰ হজম হোৱাত সহায় কৰে আৰু দেহৰ দুষিত পদাৰ্থবোৰ বাহিৰ ওলোৱাত সহায় কৰে।
৫) প্ৰস্ৰাৱৰ কিবা দোষ থাকিলে কেইটামান গোলাপ ফুলৰ পাহি খালে ভাল হয়।
৬) চকু ৰঙা পৰা আৰু চকুৰ খচখচনিত গোলাপ ফুল ৫ / ৬ পাহ এগিলাচ পানীত এৰাতি তিয়াই ৰাখি পুৱা চকু ধুলে ভাল হয়।
৭) আমাশয়ত গোলাপ ফুলৰ পাহি ২০ টা , চেনি ১ চামুচ , ১ কাপ গাখীৰ , ২ টা ইলাচি আৰু এখন তেজপাত পায়স কৰি খালে ভাল হয়।