VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

voicedesk by voicedesk
March 16, 2023
in জীৱন, মুখ্য সংবাদ
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
0
SHARES
321
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰপ্ৰভা শইকীয়া এগৰাকী অসমৰ প্ৰখ্যাত সমাজ সংস্কাৰক আছিল। ১৯০১ চনৰ ১৬ মাৰ্চত বৰপেটাত চন্দ্ৰপ্ৰভা শইকীয়াৰ জন্ম হৈছিল। তেওঁ জন্ম লাভ কৰা গাওঁখনত কোনো শিক্ষানুষ্ঠান নথকাৰ কাৰণে তেওঁ বোকা – পানী গচকি বহু দুৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। সেই সময়ত স্ত্ৰী-শিক্ষা বহু পিছপৰা আছিল। তেওঁ নিজে স্কুলত শিকি অহা কথা খিনিয়ে গাওঁৰ ছোৱালী বোৰক শিকাইছিল। চন্দ্ৰপ্ৰভা শইকীয়াই ছোৱালী বিলাক শিক্ষাত পিছপৰি থকাৰ কথা গুৰুত্ব সহকাৰে উপলব্ধি কৰিছিল আৰু ছোৱালী বোৰেও যাতে আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে স্ত্ৰী – শিক্ষা প্ৰসাৰৰ কাৰণে যুঁজ কৰিছিল। দেউতাকৰ সহযোগত নিজৰ গাওঁতে এখন প্ৰাথমিক স্কুল প্ৰতিষ্ঠা কৰি নিজে শিক্ষকতা কৰিছিল আৰু গাওঁৰ ছোৱালী বিলাকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ কাৰণে গাওঁ বিলাকত স্কুল আদি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ কাৰণে তেওঁক অসমৰ স্ত্ৰী শিক্ষা প্ৰসাৰৰ এগৰাকী বাটকটীয়া বুলি অভিহিত কৰিব পাৰি।

সমাজত পুৰুষ-মহিলাৰ স্থান সমান এই কথা উপলদ্ধি কৰি তেওঁ য’তেই বৈষম্যতা দেখা পাইছিল তাতে তেওঁ প্ৰতিবাদ কৰিবলৈ লৈছিল। অসম সাহিত্য সভাৰ অধিৱেশন বা সভা-সমিতি বিলাকত পুৰুষৰ আসনৰ লগতে মহিলাৰ বহাৰ অধিকাৰ নথকাৰ বাবে তেওঁ প্ৰতিবাদ কৰিছিল আৰু পুৰুষৰ লগতে মহিলাইও মুকলি মঞ্চত বহাৰ অধিকাৰ পাইছিল।
সমাজত যিবিলাক কুসংস্কাৰৰ কাৰণে মহিলা নিৰ্যাতিত হৈছিল তাৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়াই প্ৰতিবাদ কৰিছিল। বাল্য বিবাহ , বেশ্যা বৃত্তি , পৰ্দা প্ৰথা দূৰ কৰিবৰ কাৰণেও সংগ্ৰাম কৰিছিল। এটা সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল ।ধৰ্মীয় অনুষ্ঠানত পুৰুষৰ লগতে মহিলাৰ সম অধিকাৰৰ বাবে তেওঁ জনমত গঢ়ি তুলিছিল।

চন্দ্ৰপ্ৰভা শইকীয়াই শিক্ষয়িত্ৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল যদিও পিছত চাকৰিৰ পৰা অব্যাহতি লৈ দেশৰ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰিছিল। মহাত্মা গান্ধীৰ সত্য আৰু অহিংসা নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

এগৰাকী সমাজ সেৱিকা হিচাপে তেওঁ বিভিন্ন পদৰ দায়িত্বও ল’ব লগা হৈছিল। ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত ছাত্ৰী স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়িকা আছিল। ১৯২৬ চনত সদৌ অসম মহিলা সমিতি গঠন কৰি মহিলা সকলক স্বাৱলম্বী হোৱাৰ পোষকতা কৰিছিল । অসম প্ৰাদেশিক মহিলা সমিতিৰ সম্পাদিকা আৰু পিছত সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
চন্দ্ৰপ্ৰভা শইকীয়াই বিধৱা মহিলাসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ তীব্ৰ প্ৰতিবাদ কৰি বিধৱা মহিলা আৰু ঘাত মাউৰা ল’ৰা-ছোলালীৰ আশ্ৰম খুলিছিল। তেওঁ বাল্য বিবাহৰ বিৰোধিতা কৰিছিল।
চন্দ্ৰপ্ৰভা শইকীয়া এগৰাকী লেখিকা হিচাপেও প্ৰতিষ্ঠিত হৈছিল। তেওঁৰ কেইবাখনো উপন্যাস , গল্পৰ পুথি আৰু কবিতা পুথি প্ৰকাশ কৰিছিল।

১৯০১ চনৰ ১৬ মাৰ্চত জন্ম গ্ৰহণ কৰা বৰপেটাৰ বিদুষী নাৰী গৰাকী ১৯৭২ চনৰ ১৬ মাৰ্চত মৃত্যু বৰণ কৰে। একে তাৰিখতে জন্ম আৰু মৃত্যু হোৱা স্বাধীন মনৰ সংগ্ৰামী মহিলা গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Previous Post

গুৱাহাটীলৈ উৰণৰ সময়ত ককপিটত গুজিয়া খাই ‘হোলী’ পালন , দুই পাইলটক কর্তব্যৰ পৰা নিলম্বন

Next Post

নিউজিলেণ্ডত ভয়ংকৰ ভূমিকম্প, কম্পনৰ প্ৰাবল্য ৭.১, প্ৰচণ্ড ক্ষতিৰ আশংকা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সঘনাই কপাইছে ভূমিকম্পই , এইবাৰ ইণ্ডোনেছিয়াত ৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প

নিউজিলেণ্ডত ভয়ংকৰ ভূমিকম্প, কম্পনৰ প্ৰাবল্য ৭.১, প্ৰচণ্ড ক্ষতিৰ আশংকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7