বিবাহিত জীৱনত কেতিয়াবা সৰু সৰু কিছুমান ঘটনাৰ পৰা ভুল বুজাবুজি হয় আৰু এজনে আনজনৰ পৰা আঁতৰি যায়। মানুহৰ জীৱনত নানা ধৰণৰ সম্পৰ্ক হোৱাৰ লগতে কিছুমান সম্পৰ্ক ভাঙিও যায় কিন্তু পতী-পত্নীৰ সম্পৰ্ক হ’ল সকলোতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক। বিবাহৰ পিছত এজনে আনজনৰ সকলোতকৈ কাষৰ মানুহ হোৱাৰ উপৰিও হয় ভাল বন্ধু। অসাৱধনতা বশত সামান্য কিছুমান কথা কৈ দিয়াৰ ফলত সাংঘাটিক প্ৰভাৱ পৰিব পাৰে বিবাহিত জীৱনত। সৰু সুৰা কিছুমান ভুলেই এনে এটি পৱিত্ৰ সম্পৰ্কক একেবাৰে শেষ কৰিও দিব পাৰে। গতিকে সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম মানি চলা অতি জৰুৰী। জাঁনো আহকচোন এই বিষয়ে—
১) সম্পৰ্কৰ ক্ষেত্ৰত ভালপোৱা থকাটো যেনেকৈ প্ৰয়োজন ঠিক তেনেকৈ এজনে আনজনক শ্ৰদ্ধা কৰাটোও অতি প্ৰয়োজন। পতী-পত্নীৰ সম্পৰ্কৰ মাজত ভুল বুজাবুজি এৰাই চলিবৰ বাবে এজনে আনজনৰ কৰ্ম , পৰিয়াল আৰু অনুভূতিক সন্মান কৰা উচিত।
২) দুয়োজনৰ মাজত বিশ্বাস থকাটো অতি গুৰুত্বপূৰ্ণ। সকলো সম্পৰ্ক নিৰ্ভৰ কৰে বিশ্বাসৰ ওপৰত। পতী-পত্নীৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সম্পৰ্কত বিশ্বাস থকাটো অতি জৰুৰী। সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ হ’লে সৰু-সুৰা কথাবোৰত সন্দেহ কৰাৰ পৰা আঁতৰত থাকিব লাগে।
৩) খং উঠাৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে। সৰু-সুৰা কাজিয়া প্ৰায় প্ৰত্যেকৰ মাজতে হোৱা দেখা যায়। কিন্তু এইটো নহয়যে খং উঠাৰ বাবে জীৱন সংগীক কিছু বেয়া লগা কথা ক’ব। বহুত সময়ত কাজিয়াৰ সময়ত কোৱা কিছুমান কথা হৃদয়ত বৰ বেয়াকৈ লাগি যায় আৰু সম্পৰ্কত ফাট মেলে।