VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 28, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি কলংপাৰৰ কবি দেৱকান্ত বৰুৱাৰ স্মৃতি দিৱস । তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা ১৯৩৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৩৭ চনত এল এল বি ডিগ্ৰী লাভ কৰে । তেওঁ নতুন অসমীয়া কাকতৰ সম্পাদনা কৰিছিল । দৈনিক অসমীয়া কাকতৰো সম্পাদক আছিল । ১৯৪৫ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লয় । ১৯৫০ চনত তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য মনোনীত হয় । ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয় । ১৯৫৭ চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈ বিধানসভাৰ অধ্যক্ষ হয় । ১৯৭১ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল নিযুক্ত হয় । ১৯৭৩ চনত কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হয় । ১৯৭৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় । অসমীয়া কাব্য জগততো তেওঁৰ এক বিশেষ স্থান আছে । তেওঁক সংক্ৰান্তিকালৰ কবি বুলিও কোৱা হয় । সাগৰ দেখিছা তেওঁৰ কবিতা পুথি । ১৯৯৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্যিক, সমালোচক শশী শৰ্মাৰ স্মৃতি দিৱস । ১৯৫৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ১৯৬১ চনত তেওঁ নলবাৰী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯৩ চনত মহাবিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰে । ১৯৪২ চনত তেওঁ নলবাৰীৰ অময়াপুৰ মজলীয়া বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ তথা ছাত্ৰ সভাৰ সম্পাদক আছিল আৰু তেওঁৰ নেতৃত্বতে স্কুল বৰ্জন কাৰ্যসূচী পালন কৰা হৈছিল । ১৯৫২ চনত তেওঁ য়ং ছোচিয়েলিষ্ট লীগৰ সদস্য হয় । ১৯৫৩ চনত তেওঁ ছোচিয়েলিষ্ট দলত যোগদান কৰে । তেল শোধনাগাৰ আন্দোলনত যোগদান কৰি তেওঁ চাৰে ছমাহৰ সশ্ৰম কাৰাবাসো খাটিছিল । ১৯৭৮ চনত তেওঁ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ সদস্য হয় । এগৰাকী সাহিত্যিক আৰু সমালোচক হিচাপে তেওঁ যথেষ্ট খ্যাতি অৰ্জন কৰিছিল । আধুনিক অসমীয়া সমাজ বিৱৰ্তনত সাহিত্যিকৰ ভূমিকা, ধৰ্ম আৰু সমাজ, অসমৰ লোক-সাহিত্য আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । মেক্সিম গৰ্কী গ্ৰন্থৰ বাবে তেওঁ ১৯৬৮ চনত ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিল । অসমৰ লোক-সাহিত্য গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাও লাভ কৰে । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । তেওঁৰ ইচ্ছানুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত তেওঁৰ মৰণোত্তৰ দেহদান কৰা হয় । সাহিত্যিক, সমালোচকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি ‘মঞ্চসূৰ্য’ ধৰণী বৰ্মণৰ স্মৃতি দিৱস । ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক ধৰণী বৰ্মণ হ’ল সংগীত নাটক একাডেমী বঁটা (২০০৬) লাভ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ প্ৰথমগৰাকী ব্যক্তি । তেওঁৰ প্ৰযোজনাত সুৰদেৱী থিয়েটাৰ আৰু তত্বাৱধানত ৰংঘৰ থিয়েটাৰ তথা অসমৰ প্ৰথম দুখন মহিলা থিয়েটাৰৰ (একেটা বৰ্ষতে জন্ম লাভ কৰা) এখন মুন থিয়েটাৰৰ জন্ম হয় । ১৯৯৬ চনত তেওঁ অসম নাট্য সন্মিলনৰ উপ-সভাপতি হয় । তেওঁ ছিৰাজ, চম্বলৰ অভিশাপ, ভোগজৰা, জেৰেঙাৰ সতী আদি নাটকৰ উপৰি নৰকাসুৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল । স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ বিষ্ণু ৰাভা, তৰুণসেন ডেকা আদি নেতাসকলৰ সৈতে একেলগে জনসজাগতা সৃষ্টিৰ কামত আত্মনিয়োগ কৰিছিল । অসম আন্দোলনৰ সময়তো তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল । ১৯১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

Previous Post

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

Next Post

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7