মনৰ ভাব সুন্দৰকৈ বুজাই ক’ব পৰাটোৱেই হৈছে কথা কোৱাৰ কৌশল। যি বিলাক মানুহে সুন্দৰ কৈ কথা ক’ব পাৰে তেওঁলোকেই আনৰ প্ৰিয়ভাজন হৈ সমাজত জনপ্ৰিয়তা লাভ কৰিব পাৰে। যিকোনো বিষয়ত কথা কওঁতে কিছুমান সাধাৰণ কথাত বিশেষ গুৰুত্ব দিয়া অতি প্ৰয়োজন।
১) কথা কওঁতে কেতিয়াও গোমোঠা হৈ থাকিব নালাগে।
২) সদায় হাঁহি মুখেৰে কথা ক’লে কওঁতাৰ মুখমণ্ডল উজ্বল হয় আৰু দেখিবলৈ ধুনীয়া হয়।
৩) কথা কওঁতে খুব খৰকৈ কথা ক’ব নালাগে।শব্দ আৰু মাত অৰ্থাৎ উচ্চাৰণ স্পষ্ট হ’ব লাগে।
৪) প্ৰয়োজনতকৈ বেছি কথা ক’ব নালাগে।কম শব্দ প্ৰয়োগ কৰি বুজাব চেষ্টা কৰিব লাগে।
৫) খং কৰি কথা ক’লে সকলোৰে অপ্ৰিয় হ’ব লগা হয় আৰু মুখমণ্ডলৰ সৌন্দৰ্যত ম্লান পৰে।
৬) আত্মবিশ্বাসেৰে কথা ক’ব লাগে। নিজৰ জ্ঞানৰ পৰিসৰৰ ভিতৰতহে কথা ক’ব লাগে। নজনা কথাত অকাৰণে কেতিয়াও মাত মাতিব নালাগে।
৭) কাক , কেতিয়া , কেনেকৈ কি কথা ক’ব লাগে সেই বিষয়ে সচেতন থাকিব লাগে। স্থান , কাল , পাত্ৰ অনুযায়ীহে কথা ক’বলৈ চেষ্টা কৰিব লাগে।
৮) যাৰ লগত কথা পতা হয় , তেওঁৰ মুখলৈ বা চকুলৈ চাইহে কথা ক’ব লাগে।
৯) কথা কওঁতে মাত শুৱলা হ’ব লাগে।
১০) কথা কেৱল নিজেই কৈ নাথাকি শ্ৰোতাকো ক’বলৈ দিব লাগে বা বিষয়- বস্তুত অংশ গ্ৰহণ কৰিবলৈ দিয়া উচিত।
এই নিয়মবোৰ ভালদৰে মানি চলিলে আপুনিও নিঃসন্দেহে সকলোৰে প্ৰিয়ভাজন হৈ থাকিব পাৰিব।