অত্যধিক প্ৰদূষণে ছালত প্ৰভাৱ পেলায় ৷ ইয়াৰ ওপৰত ছানস্ক্ৰীণ প্ৰয়োগ নকৰিলে ৰ’দে ছালত আৰু অধিক ক্ষতি কৰিব পাৰে। ছানস্ক্ৰীণ লগালে ছালত অলপ বেছি ঘাম ওলায়। গতিকে বহুতে ছানস্ক্ৰীণ নলগোৱাকৈ ঘৰৰ পৰা ওলাই আহে । কেতিয়াও এই ভুল নকৰিব।
কেৱল ছানস্ক্ৰীণ ব্যৱহাৰ কৰাই নহয়, সঠিক ছানস্ক্ৰীণ বাছি লোৱাটোও অতি গুৰুত্বপূৰ্ণ। কোনখন ছালৰ বাবে কেনেধৰণৰ ছানস্ক্ৰীণৰ প্ৰয়োজন সেয়া আমাৰ বহুতেই নাজানে। পুৰুষ বা মহিলা যিয়েই নহওক কিয়, উন্মুক্ত ছালখনক সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিবলৈ ছানস্ক্ৰীণ লোচন অতি প্ৰয়োজনীয়। ছানস্ক্ৰীণ প্ৰয়োগৰ ক্ষেত্ৰত যেনেকৈ কেইবাটাও নিয়ম আছে, তেনেদৰে ছানস্ক্ৰীণ কিনাৰ আগতে কেইটামান কথা মনত ৰাখিব লাগিব। আপোনাৰ ছালৰ বাবে কোন ধৰণৰ ছানস্ক্ৰীণ উপযুক্ত সেইটো জানি লওক।
১) আপোনাৰ ছাল শুকান নেকি? এনে ছালৰ বাবে ‘মইচচাৰাইজিং’ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে আপুনি সৰ্বোত্তম ফলাফল লাভ কৰিব ৷ এই ধৰণৰ ছানস্ক্ৰীনে ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে।
২) তেলীয়া ছালত ঘাম বেছি ওলোৱাৰ প্ৰৱণতা থাকে। তেনে ক্ষেত্ৰত ‘ঘাম মুক্ত’ বা ‘মেটিফাইং’ ছানস্ক্ৰীণ ব্যৱহাৰ কৰক। ছানস্ক্ৰীণ ক্ৰীমৰ সলনি ছানস্ক্ৰীণ জেল বা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। ছালখন ৰ’দৰ তাপৰ পৰা সুৰক্ষিত হ’ব আৰু ঘামৰ পৰা পৰিত্ৰান পাব ৷
৩) সংবেদনশীল ছালৰ লোকে যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে। যদি আপোনাৰ ব্ৰণ বা ফোহাৰ সমস্যা হয়, গৰম বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ সমস্যাও বৃদ্ধি হয় । এই ক্ষেত্ৰত ৰাসায়নিক দ্ৰৱ্য মিশ্ৰিত, সুগন্ধিযুক্ত ছানস্ক্ৰীণ পৰিহাৰ কৰক।
৪) সংবেদনশীল ছালত পেৰাবেন বা অক্সিবেনজোনযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ নকৰিব। এই ধৰণৰ ছালৰ বাবে টাইটানিয়াম ডাই অক্সাইড বা জিংক অক্সাইডযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যাব।
৫) অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ নূন্যতম এছপিএফ ৩০ ৰ প্ৰয়োজন হয়। যদি ছালৰ ৰং উজ্জ্বল হয় তেন্তে তেওঁলোকে এছপিএফ ৫০ প্লাছ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব।