ইংৰাজী নাম :- China Rose
বৈজ্ঞানিক নাম :- Hibiscus Rosa Sinesis Linn
জবাফুলৰ গছ চিৰ’সেউজীয়া জোপোহা গছ। ফুল দেখিবলৈ বহুত ধুনীয়া হয়। জবা ফুলৰ ৰং ৰঙা যদিও বিভিন্ন ৰঙৰ জবাফুল পোৱা যায়। জবাফুল পূজাত ব্যৱহাৰ হোৱাৰ উপৰিও বহুত ঔষধি গুণেৰে ভৰপুৰ-
১) জবাফুলৰ ৰসে জ্বৰ , গণোৰিয়া , চুলিত হোৱা উফি , কাহ , গা জ্বলা – পোৰা , শৰীৰৰ দুৰ্বল নাশ কৰিব পাৰে।
২) মাহেকীয়া ঋতুস্ৰাৱত বেছিকৈ ঋতুস্ৰাৱ হ’লে এপাহ জবাফুল একেৰাহে তিনিদিন খালেই অতিৰিক্ত ঋতুস্ৰাৱ হোৱা ৰোগীয়ে আৰোগ্য লাভ কৰে।
৩) অনিয়মিত ঋতুস্ৰাৱত জবাফুলৰ ৰস পাঁচ চামুচত এক-দুই চামুচ ডালচেনি গুড়া মিহলি কৰি তাত ২০ চামুচ পানী মিহলাই দিনে এবাৰকৈ এসপ্তাহমান খালেই ঋতুস্ৰাৱ নিয়মীয়া হয়।
৪) জবাফুল আৰু পাত ৰস কৰি চুলিত লগালে চুলি সৰা বন্ধ হয় আৰু চুলি চিকচিকিয়া কৰি সুন্দৰ কৰে।
৫) জবাফুল চাৰি -পাঁচ পাহ পিহি তাক টকৌৱে খোৱাত প্ৰলেপ দিলে টকৌৱে খোৱা ভাল হয়।
৬) আমলখিৰ ৰস , জবাফুলৰ ৰস আৰু জলপাই তেল সমান পৰিমাণৰ লৈ চুলিত ঘঁহিলে অকালতে চুলি পকা বন্ধ হয়।
৭) জবাফুল আৰু পাত পিহি কটা -চিঙাৰ পৰা হোৱা ঘাত লগালে তেজ ওলোৱা বন্ধ হয়।