শীত সমাগত ৷ এই সময়চোৱাত পানীলগা কাঁহ আদিকে ধৰি বিভিন্ন ধৰণৰ সোঁচৰা ৰোগে আমাক ব্যতিব্যস্ত কৰি তোলে আৰু সেয়েহে এই সময় চোৱাত মানুহে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে নিজৰ খাদ্যাভাসো সলনি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন৷
স্বাস্থ্য বিশেষজ্ঞ সকলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত শীতকালত সেয়েহে ‘নহৰু’ক নিজৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াই৷ ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিটো ৰান্ধনী শালতে গুৰুত্ব পূৰ্ণ ভূমিকা বহন কৰা নহৰুৰ আছে কিছু এনে গুণ যাৰ ফলত নহৰু দৈনন্দিন আহাৰত গ্ৰহণ কৰিলে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে উচ্চ ৰক্তচাপত ভূগা সকলো উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা হাতসাৰিব পাৰে৷
আনহাতে সুগন্ধ আৰু এবিধ গুৰুত্বপূৰ্ণ মচলা হিচাপেও ৰান্ধনীশালত নহৰুৱে এক বিশেষ আসন দখল কৰিবলৈ সক্ষম হৈছে৷