বিদেশ ভ্ৰমণৰ বাবে সকলোৰে মন থাকে ৷ কিন্তু ভিছা, আর্থিক ব্যয় আদিৰ বাবে বহুতে এই চখ পুৰণ কৰিব নোৱাৰে ৷ কিন্তি সেবুলি আপুনি নিজৰ মনৰ আকাংক্ষা বাদ দিয়া উচিত নহয় ৷ ভাৰতৰ বাহিৰত বহু দেশ আছে য’ত ভাৰতীয়ই ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে। ভাৰতীয়সকলে বিশ্বৰ মুঠ ৫৮খন দেশত ভিছামুক্ত বা ভিছা অন এণ্ট্ৰিৰ সুবিধা লাভ কৰে। ২০১৩ চনত এনে দেশৰ সংখ্যা আছিল ৫২ খন। এতিয়া আৰু ছখন দেশ এই তালিকাত প্ৰৱেশ কৰিছে। গতিকে কৰ্ম আৰু গ্ৰীষ্মকালীন ছুটীৰ মাজত ভিছা অবিহনে এই পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰিব।
১) ভূটান
বৈধ পাছপ’ৰ্ট বা ভোটাৰ কাৰ্ড থাকিলেহে চৰকাৰে ভূটানত ভ্ৰমণৰ অনুমতি দিয়ে। তাত উপস্থিত হ’লেই ভাৰতীয়ই পাব ‘ভিছা অন অৰৰিভাল অৰ্থাৎ তাত থকা ভিছা। এফালে হিমালয়ৰ দিগন্তৰ বিশাল ৰূপ আৰু আনফালে ভূটানৰ মূল আকৰ্ষণ আধ্যাত্মিকতা। ৩৫ হাজাৰ টকাৰ ভিতৰত পাৰো, থিম্ফু, ফুন্টচেলিং ভ্ৰমণ কৰিব পাৰিব। সোণালী ধানৰ পথাৰ, নদী, ৰঙীন অৰ্কিড, সকলো ধৰণৰ চৰাই, সৰু সৰু ৰঙীন ঘৰৰ সৈতে এই দেশখন অনন্য!
২) কম্বোডিয়া
দক্ষিণ-পূব এছিয়া ভ্ৰমণৰ কথা কওঁতে কম্বোডিয়াৰ কথা লগে লগে মনলৈ নাহে। বেংকক আৰু পট্টায়ালৈ অতি জনপ্ৰিয় পর্যটনস্থলী। কিন্তু যদি আপুনি ভিছা নথকা ঠাইৰ ভ্ৰমণ কৰিব বিচাৰে, তেন্তে কম্বোডিয়া আপোনাৰ গন্তব্যস্থান হ’ব পাৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য, বৌদ্ধ মন্দিৰ, দ্বীপৰ সৌন্দর্য্যই আপোনাৰ হৃদয় জয় কৰিব।
৩) মালদ্বীপ
বলীউড, টলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি অভিজাত শ্ৰেণীলৈকে দেখা যায় মালদ্বীপত । এফালে স্বচ্ছ, নীলা পানী দিগন্তলৈকে বিস্তৃত হৈ আছে, আৰু পানীত ডাঙৰ ডাঙৰ ভিলা, বিভিন্ন ধৰণৰ জল ক্ৰীড়া আৰু বিভিন্ন ধৰণৰ খাদ্যৰ আকর্ষন ! যদি আপুনি সস্তাতে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেন্তে মালদ্বীপ বাচি ল’ব পাৰে ৷ ইয়ালৈ গ’লেও তাত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব ৷
৪) ম্যানমাৰ
ম্যানমাৰ বা এসময়ত বাৰ্মাৰ লগত ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সোণৰ ছুইডাগন পেগোডা, চুলে পেগোডা, ছুৱে-টা-ম্যাট-পায়া বৌদ্ধ মন্দিৰৰ উপৰিও ইনা হ্ৰদ ইয়াৰ আকর্ষণ । খাদ্যৰ ক্ষেত্ৰতো বৈচিত্ৰ্য আছে। সাতদিনীয়া ছুটীৰ জৰিয়তে এই নতুন দেশখন অন্বেষণ কৰিব পাৰি। ভাৰতীয় পাছপ’ৰ্ট থকাৰ ফলত ভিছা অবিহনে ভ্ৰমণ কৰাৰ অধিকাৰ পোৱা যায়।
৫)নেপাল
পশুপতিনাথ মন্দিৰৰ উপৰিও নেপালত আছে হনুমান মন্দিৰ, বোধিস্তুপ, নাৰায়ণহিতি প্ৰাসাদ সংগ্ৰহালয়, কৈছাৰ মহল, নীলাকান্ত মন্দিৰ। ইয়ালৈ আহিলে গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনি উদ্যান ভ্ৰমণ কৰিব পাৰে ৷