দাঁত থকালৈকে দাঁতৰ চিন্তা নাহে কিন্তু যেতিয়া দাঁতৰ বিষ হয় তেতিয়াহে দাঁতৰ গুৰুত্ব অনুভৱ হয়। নিয়মিত ভাৱে দাঁত ব্ৰাছ নকৰিলে বা কুলকুলি নকৰিলে খোৱা বস্তুবোৰ লাগি থাকে আৰু এই খাদ্য মুখৰ ভিতৰত গেলি গেলি ক্যাভিটিৰ সমস্যা হয়। মিঠা জাতীয় খাদ্য বেছিকৈ খালেও এই সমস্যা হ’ব পাৰে। দাঁতৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জাঁনো আহকচোন–
১) নিমখ পানীৰে মুখ কুলকুলি কৰিলে দাঁতৰ বিষত আৰাম পোৱা যায়। গতিকে দিনত দুইবাৰ কৰি দাঁত ব্ৰাছ কৰা উচিত।
২) বৰফৰ টুকুৰা টাৱেলৰ মাজত লৈ দাঁতৰ মাৰিত চেপি ধৰিলে দাঁতৰ বিষ কমে।
৩) দাঁতৰ বিষত লং-তেল যথেষ্ট উপকাৰী। লং তেলে দাঁতৰ বিষ কমোৱাৰ লগতে দাঁতৰ ফাকত লং ৰাখিলেও বহুত আৰাম পোৱা যায়।
৪) মধুৰীআমৰ পাত থেতেলিয়াই গৰম পানীত উতলাই লৈ কুহুমীয়া হোৱাৰ পিছত কুলকুলি কৰিলেও দাঁতৰ বিষ ভাল হয়।