ৰাষ্ট্ৰপতি ভৱনৰ পদ্ম বঁটা প্ৰদান কাৰ্যসূচীত খালী ভৰিৰে অংশগ্ৰহণ কৰা তুলসী গৌড়াই সকলোৰে দৃষ্টি কাঢ়িছে। ৰাষ্ট্ৰপতিৰ হাতত পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰা প্ৰকৃতি প্ৰেমী তুলসী গৌড়াক এই সন্মান প্ৰদান কৰাত সকলো উৎফুল্লিত হৈ পৰিছে।
তুলসী গৌড়াই কৰ্নাটকৰ হোন্নালী গাঁৱত ৩০০০০ তকৈ অধিক গছ ৰুই অৰণ্য সৃষ্টি কৰিছিল। দুবছৰ বয়সতে পিতৃক হেৰুৱাই তুলসী গৌড়াই সৰু কালতেই নাৰ্ছাৰীত কাম কৰি উপাৰ্জন কৰিছিল। তেতিয়াই তেখেতে উদ্ভিদৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ লৈছিল। তেখেতৰ গছ গছনি, উদ্ভিদৰ ওপৰত থকা জ্ঞানৰ বাবে Encyclopedia of Forest বুলি সন্মান জনোৱা হয়।
তুলসী গৌড়াৰ দৰে ব্যক্তি এই সন্মানৰ যোগ্য। তেখেতৰ দৰে লোকৰ বাবেই পৰিৱেশ সুস্থিৰ হৈ আছে।