উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে অযোধ্যাৰ ৰাম জন্মভূমিৰ অভিষেক অনুষ্ঠান আফগানিস্তানৰ কাবুল নদীৰ পৰা অনা পানীৰে সম্পন্ন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্ত কৰে যে ৰাম জন্মভূমিৰ অভিষেক কৰিবলৈ লোৱা কাবুল নদীৰ এই পানী আফগানিস্তানৰ পৰা এগৰাকী কিশোৰীয়ে দেশৰ প্ৰধান মন্ত্ৰী লৈ প্ৰেৰণ কৰিছিল। আফগানিস্তানৰ অশান্তিকৰ পৰিবেশৰমাজতো তাত থকা হিন্দু সকলে নিজৰ ধৰ্ম সংস্কৃতিক পাহৰা নাই বুলি তেওঁ গৌৰৱ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অযোধ্যাত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলি অভিনৱ ধৰণে পালন কৰা হʼব। অযোধ্যা চহৰত নৈৰ ঘাটৰ পৰা মন্দিৰ লৈকে পোন্ধৰ কিলোমিটাৰ জুৰি ন লাখ চাকি প্ৰজ্বলন কৰা হʼব।লক্ষ লক্ষ চাকিৰ পোহৰত জিলিকি থাকিব ৰাম জন্মভূমি অযোধ্যা।