দেশত নিৰ্মাণ হ’বলগীয়া সকলো নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে হেলিপেড নির্মাণ কৰা হ’ব ৷ যাতে জৰুৰীকালীন অৱস্থাত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাব পৰা যায়। এই কথা প্ৰকাশ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সন্মিলনত ভাষণ দি মঙলবাৰে তেওঁ এই কথা প্ৰকাশ কৰে ৷
অনুষ্ঠানৰ সময়ত জ্যোতিৰাদিত্য সিন্দিয়াই কয়, “আমি পথ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিছিলো যে সকলো নতুন ঘাইপথৰ কাষে কাষে হেলিপেড থাকিব লাগে ৷ ৰাষ্ট্ৰীয় ঘাইপথত থকা হেলিপেডে জৰুৰীকালীন অৱস্থাত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাত সহায় কৰিব।” ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজন কৰা এই অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।
ইয়াৰ পূৰ্বে মঙলবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই আঠখন ৰাজ্যৰ ভিতৰত পশ্চিমবংগ, দিল্লী আৰু পঞ্জাৱৰ টায়াৰ-II, টায়াৰ-III চহৰসমূহলৈ বিমান সংযোগৰ সুবিধা প্ৰদানৰ বাবে এয়াৰ টাৰ্বাইন ইন্ধন (এটিএফ)ৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে অসম, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, দিল্লী, তামিলনাডু, ৰাজস্থান, বিহাৰ, আৰু পঞ্জাৱ চৰকাৰক তেওঁলোকৰ ৰাজ্যসমূহত অসামৰিক বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে এ টি এফৰ ভেট হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। মিষ্টাৰ সিন্দিয়াই এই আঠখন ৰাজ্যত বিমানৰ সংযোগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিহে তেওঁলোকে এটিএফৰ ওপৰত ভেট হ্ৰাস কৰে।
দেশৰ বিভিন্ন ৰাজ্যৰ পৰিবহণ মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি অধিবেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় , “মই আপোনালোকক আঠখন ৰাজ্যক এটিএফৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছো। মই আপোনালোকৰ ৰাজ্যসমূহত বিমানৰ সংযোগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছো ৷ ১২খন ৰাজ্যৰ এটিএফ আছিল ১-৪ শতাংশ ৷ ইয়াৰ বিপৰীতে ২৬খন ৰাজ্যৰ এটিএফ আছিল ২০-৩০ শতাংশ। “