অবিশ্বাস্য হ’লেও সঁচা যে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনতো পৃথিৱীত এনে এখন দেশ আছে য’ত মাছৰ বৰষুণ হয়৷ এই মৎস্য বৰ্ষণ আজিৰ নহয় আজি প্ৰায় এশ বছৰৰ পৰা এই আশ্চৰ্য্যকৰ বৰষুণ হৈ আহিছে ৷ মেক্সিক’ত হোৱা এই মাছৰ বৰষুণৰ কথা বহুতেই মানি ল’বলৈ টান পায়৷ সামাজিক মাধ্যম যোগে এই কথা পোহৰলৈ অহাত বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য প্ৰকাশ কৰিছে৷
কিন্তু প্ৰকৃতাৰ্থত বছৰত দুবাৰৰ পৰা তিনিবাৰলৈকে মেক্সিক’ত এই আচৰিত ধৰণৰ বৰষুণ হয়৷ কেতিয়াবা এই আচৰিত মাছৰ বৰষুণজাক গ্ৰীষ্মকালৰ আৰম্ভণিতেই আহে বুলি জানিব পৰা গৈছে৷ বিভিন্ন সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে এই বৰষুণৰ উৎস বা কাৰণ হৈছে আটলাণ্টিক মহাসাগৰ৷ কাৰণ আটলাণ্টিক মহাসাগৰৰ পৰা মেক্সিক’ৰ এই হন্দুৰাচ চহৰৰ দূৰত্ব মাত্ৰ ২০০ কিলোমিটাৰ ৷
বৈজ্ঞানিক সকলৰ মতেও মেক্সিক’ত হোৱা এই অবিশ্বাস্য বৰষুণজাক সৃ্ষ্টি হোৱাৰ প্ৰধান কাৰণ হ’ল আটলাণ্টিক মহাসাগৰ৷