ভ্ৰমণপ্ৰিয় মানুহ হয়তো এই বিশ্বত খুব কমেই ওলাব ৷ কম খৰচতে সকলোৱে বিচাৰে বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ ৷ কেইটামান বিশেষ টিপচ মানি চলিলেই আপুনি কম খৰচত বিভিন্ন স্থান ভ্ৰমণ কৰিব পাৰে ৷ সমান্তৰালভাৱে ভ্ৰমণৰ সময়ত বহুতে অতিৰিক্ত বোজা কঢ়িয়াই নিয়াৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৷ সেয়েহে ভ্ৰমণৰ সময়ত কি কি সামগ্ৰী কঢ়িয়াই নিব সেই বিষয়ে জানো আহকচোন ৷
১) হোষ্টেল বা গেষ্ট হাউচত থাকক
যদি আপুনি কম খৰচত বহুত ঠাই ভ্ৰমণ কৰিব বিচাৰে তেন্তে প্ৰথমে থকাৰ স্থানৰ কথা চিন্তা কৰক ৷ । কাৰণ পৰ্যটনৰ বতৰত হোটেলৰ ভাড়া বেছি হয় ৷ গতিকে যদি অতিৰিক্ত ধন দিব নিবিচাৰে তেন্তে হোষ্টেল বা গেষ্ট হাউচ বুকিং কৰাটো ভাল।
২) অত্যাৱশ্যকীয় বস্তু গ্ৰহণ কৰক
অতিৰিক্ত বস্তু নানিব। প্ৰয়োজন হ’ব পাৰে বুলি ভাবি ভ্ৰমণৰ সময়ত বেগত সকলো বস্তু ভৰাই ল’ব নালাগে ৷ অত্যাৱশ্যকীয় সামগ্ৰী, সৰু সৰু প্ৰসাধন সামগ্ৰী, কাপোৰ আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ লৈহে ভ্ৰমণলৈ যাব লাগে। যিহেতু ইয়াৰ ফলত সামগ্ৰীৰ ওজন কমি যাব, সেয়েহে অতিৰিক্ত বোজা নাথাকিব।
৩) উলটিব পৰা কাপোৰ পিন্ধিব
ঘূৰি ফুৰোতে ধুনীয়া ধুনীয়া ফটো তুলিব বুলিয়েই গধুৰ, ৰংছঙীয়া এসোপামান কাপোৰ কঢ়িয়াই লৈ ফুৰাৰ কোনো যুক্তি নাই। এটা বা দুটা ট্ৰাউজাৰৰ লগত দুয়োফালে পিন্ধিব পৰা ৫-৬ টা পোছাক লওক। শীতকালীন ঠাইলৈ গ’লে গৰম কাপোৰৰ প্ৰয়োজন হ’ব।
৪) বেকপেক এটা লৈ যাওক
ছুটকেছ বা ট্ৰলীত বহু বস্তু ৰাখিব পাৰি যদিও কঢ়িয়াবলৈ টান। বিশেষকৈ পাহাৰীয়া অঞ্চলত ঠেক ৰাস্তা বা চিৰিৰে সেই গধুৰ সামগ্ৰী কঢ়িয়াই নিয়াটো বৰ সহজ নহয়। গতিকে ট্ৰলী বা ছুটকেছৰ সলনি কান্ধত ল’ব পৰা বেগ এটা লওক।
৫) সৰু সৰু প্ৰসাধন সামগ্ৰীৰ বটল ব্যৱহাৰ কৰক
ডাঙৰ বা কাঁচৰ বটলত শ্বেম্পু, তেল, লোচন ৰাখিলে বেগৰ ঠাই নষ্ট হ’ব। আৰু বেগটোৰ ওজনো বাঢ়িব। সেয়েহে সৰু সৰু প্ৰসাধন সামগ্ৰীৰ বটল ব্যৱহাৰ কৰক ৷