দৈনন্দিন জীৱনত আমি বিভিন্নধৰণৰ ফুল প্ৰত্যক্ষ কৰিছোঁ । কিন্তু আজি আপোনালোকক যি বিধ ফুলৰ বিষয়ে ক’বলৈ লৈছোঁ, ফুলবিদ অতি দুৰ্লভ । পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল হিচাপেও গণ্য কৰা হয় । ৰাফ্লেছিয়া নামৰ এই দুৰ্লভ ফুলবিধৰ বিষয়ে জানিলে আপুনি হয়তো আচৰিত হ’ব ।
ফুলবিধ কেৱল ইন্দোনেছিয়া আৰু মালেছিয়াতহে পোৱা যায় । ইয়াৰ ডাল, পাত আৰু শিপা দেখা পোৱা নাযায় । এইবিধ ফুল হৈছে এবিধ পৰাশ্ৰয়ী ফুল, পোষক উদ্ভিদ জোপাৰ পৰা কেৱল পানী আৰু পুষ্টি আহৰণ কৰে । এবিধ একলাংগী ফুল হিচাপে গণ্য কৰা হয় ।
“ৰাফ্লেছিয়া” ৰ বৰণ ৰঙচুৱা আৰু ই তিনিফুট পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায় । ফুলপাহ ফুলাৰ সময়ত , ফুলপাহৰ পৰা এক দুৰ্গন্ধ ওলায় আৰু যিটোৱে পৰাগযোগৰ বাবে কীট- পতংগবোৰক আকৰ্ষিত কৰে । এই ফুলপাহ আৱিষ্কাৰৰ বিষয়ে আপুনি হয়তো অৱগত নহয় , ছাৰ টমাছ ষ্টানফোৰ্ড ৰাফেলছ আৰু যোছেফ আৰ্নল্ড নামৰ দুজন উদ্ভিদ বিজ্ঞানীয়ে ১৮১৮ চনত সুমাত্ৰা দ্বীপ ভ্ৰমণৰ সময়ত অতি ভিতৰুৱা ঘোৰ অৰণ্য অঞ্চল এটাত এই ফুলবিধ আৱিষ্কাৰ কৰিছিল । এই দুগৰাকী বিজ্ঞানীৰ নাম অনুসৰি ফুলপাহৰ নামাকৰণ কৰা হয় ৰাফ্লেছিয়া আৰ্নল্ড নামেৰে।
বৰ্তমান ফুলবিধ পৃথিৱীৰ বিৰল আৰু মনোমোহা ফুল হিচাপে স্বীকৃতি লাভ কৰিছে । ফুলপাহত কোনো সেউজীয়া অংশ নাই যাৰ দ্বাৰা নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লব পাৰে । ইহঁত টেট্ৰ’ষ্টিগমা লেনচিও লেৰিয়াম নামৰ এবিধ লতাৰ গাত আশ্ৰয় লৈ তাৰ ৰস শুহি জীয়াই থাকে । গতিকে ই পৰজীৱী । লতাজোপা গেলি- পচি যোৱা উদ্ভিদৰ তলে তলে বগায় , গুটি লতাজোপাৰ শিপা বা গা- গছত অংকুৰিত হয় । যিহেতু ইয়াৰ পাত বা গা – গছ নাই , গুটিৰ পৰা ফুলৰ কলি হয় । গুটিৰ পৰা ফুলৰ কলি হওঁতে এবছৰৰো ওপৰ সময়ৰ প্ৰয়োজন হয় । মুঠৰ ওপৰত ফুলপাহ পূৰঠ হ’বলৈ প্ৰায় দুবছৰ সময় লাগে , কিন্তু আচৰিত কথাটো হ’ল ফুলপাহ কিন্তু চাৰিদিনমানহে ফুলি থাকে । যদিও ফুলপাহ দেখাত ধুনীয়া , কিন্তু ফুলপাহৰ বৈজ্ঞানিক এটা গুণো আছে ইয়াৰ জ্বৰ আৰু ছালৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় ।