নেপালত পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা । সংবিধানৰ ৭৬(৫) নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে কংগ্ৰেছৰ এই সভাপতি গৰাকীক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ।
দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ স্থানত দেওবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । শ্বেৰ বাহাদুৰ দেউবা ইয়াৰ পূৰ্বে চাৰিবাৰ প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ।
উল্লেখযোগ্য যে সোমবাৰে নেপালৰ উচ্চতম ন্যায়ালয়ে এটা ৰায়ত মংগল বাৰৰ ভিতৰত নেপালী কং গ্ৰেছৰ মুৰব্বী দেউবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ আৰু পাঁচ মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে প্ৰতিনিধি সভা পুনৰ বাহাল ৰাখিবলৈ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীক নিৰ্দেশ দিয়ে ।
মুখ্য ন্যায়াধীশ চি এচ ৰানাৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক পীঠ এখনে ৰায় দি কয় যে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পৰামৰ্শ মতে সংসদৰ নিম্নসদন ভংগ কৰি দিবলৈ ৰাষ্ট্ৰপতি ভাণ্ডাৰীয়ে লোৱা সিদ্ধান্ত অসংবিধানিক কাৰ্য আছিল ।
আনহাতে প্ৰবীণ কমিউনিষ্ট নেতা অলিৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই ৰায় আছিল এক প্ৰচণ্ড আঘাত, কাৰণ তেঁও আকস্মিক নিৰ্বাচনলৈ সাজু হৈছিল ।
উল্লেখযোগ্য যে সাংবিধানিক উপবন্ধ অনুসৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাচত দেউবাই ৩০ দিনৰ ভিতৰত আস্থাৰ ভোটত জয়ী হ’ব লাগিব ।