বিজেপিৰ নেত্ৰী নুপুৰ শৰ্মা আৰু নেতা নবীন কুমাৰ জিন্দালে হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অশোভনীয় মন্তব্যক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ আনকি চৰকাৰে সকলো ধৰ্মকে সন্মান কৰে বুলি দৃঢ়তাৰে ব্যক্ত কৰি বিভিন্ন দেশৰ ক্ষোভ লাঘৱ কৰিবলৈ চেষ্টা কৰা সত্বেও এখনৰ পাছত আন এখন দেশে কঠোৰ ভাষাৰে গৰিহণা দিছে দুই বিজেপি নেতাৰ মন্তব্যক ৷ বর্তমানলৈ ইৰাক, ইৰাণ, কুৱেইট, কাটাৰ, চৌদি আৰব, ওমান, ইউ এ ই, জৰ্ডান, আফগানিস্তান, পাকিস্তান, বাহৰেইন, মালদ্বীপ, লিবিয়া, তুৰ্কিয়, ইণ্ডোনেছিয়াকে ধৰি কমেও ১৫ খন দেশে ভাৰতৰ বিৰুদ্ধে এই বিতৰ্কিত মন্তব্যক লৈ আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভাৰতক ক্ষমা খুজিবলৈ দাবী জনাইছে ৷
বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিয়ে মুখপাত্ৰ নুপুৰ শৰ্মাক নিলম্বন কৰাৰ লগতে নবীন জিন্দালক বহিষ্কাৰ কৰিছে। দেওবাৰে দলটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁলোকে “কোনো পন্থা বা ধৰ্মক অপমান কৰা বা হেয়জ্ঞান কৰা যিকোনো মতাদৰ্শৰ তীব্ৰ বিৰোধী” আৰু “এনে লোক বা দৰ্শনক প্ৰচাৰ নকৰে”।
ইছলামিক সহযোগিতা সংস্থাই এই মন্তব্যক গৰিহণা দি ৰাষ্ট্ৰসংঘক ভাৰতত সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।কাটাৰ, ইৰাণ আৰু কুৱেইটে দেওবাৰে ভাৰতৰ ৰাষ্ট্ৰদূতসকলক তলব কৰি এই মন্তব্যত গৰিহণা প্ৰকাশ কৰিছিল। পিছত দূতাবাসসমূহে বিবৃতি প্ৰকাশ কৰি কয় যে ভাৰতৰ দুই নেতাই কৰা মন্তব্যই কোনো প্ৰকাৰে ভাৰত চৰকাৰৰ মতামত প্ৰতিফলিত নকৰে।এই বিতৰ্কিত মন্তব্যৰ পাছতে বিভিন্ন দেশৰ ছ’চিয়েল মিডিয়াতো ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে ৷