মিজোৰামৰ নিৰ্বাচনৰ পিছত উত্তৰ-পূব অঞ্চলত কংগ্ৰেছ সক্ৰিয় হৈ পৰিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য অসমত আৰম্ভ হৈছে বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ কাৰ্যকলাপ।
শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত ১৫টা বিজেপি বিৰোধী দলৰ দুদিনীয়া বৈঠক আৰম্ভ হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দর্ভত কয়, “আমাৰ নতুন মিত্ৰজোঁট ‘সংযুক্ত বিৰোধী মঞ্চ অসম’ৰ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচননূন্যতম উমৈহতীয়া কার্যক্ৰমৰ ভিত্তিত একত্ৰিত হোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল ।”
কংগ্ৰেছৰ উপৰি ‘ইণ্ডিয়া’ৰ সদস্য যেনে তৃণমূল, আম আদমী পাৰ্টি (ইউ পি), এন চি পি, আৰ জে ডি, জে ডি (ইউ) চি পি এম, চি পি আই, চি পি আই-এম এল লিবাৰেশ্যন, শিৱসেনা (ইউ বি টি) আদি সদস্যসকল উপস্থিত থাকে। লুৰিনজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ, অখিল গগৈৰ ৰাইজৰ দল, জনজাতি সংগঠন ‘অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স’, জাতীয় দল অসম আৰু ফৰৱাৰ্ড ব্লকৰ প্ৰতিনিধিয়ো উপস্থিত থাকে ।
কংগ্ৰেছ, তৃণমূল, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট ‘উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট’ (নেডা)প্ৰতিহত কৰাৰ ক্ষেত্ৰত বিৰোধী দলসমূহৰ এই কাৰ্যকলাপ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলত ‘নিৰ্ণায়ক’ হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে ৷
প্ৰসংগক্ৰমে মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ ফলত এন ডি এৰ কেইবাটায়ো মিত্ৰদল উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ পৰা আঁতৰি আহিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহযোগী এমএনএফৰ মুৰব্বী জোৰামথাংগাই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চত উপস্থিত হ’বলৈ অস্বীকাৰ কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
অনাগত দিনত ঐক্যবদ্ধভাৱে নেডাৰ সৈতে মুখামুখি হোৱাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত কংগ্ৰেছ সংগঠনৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক ৰঞ্জিত মুখাৰ্জীয়ে কয় যে, ‘অসমৰ শৈলীত লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ আন কেইবাখনো ৰাজ্যত বিৰোধী মিত্ৰতা গঠন কৰা হ’ব।