সুৰা নীতিক লৈ উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ চিবিআইয়ে কালি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বাসগৃহত অভিযান চলাইছিল চি বি আইয়ে ৷ ইয়াৰ পাছতে আজি দিল্লীৰ উপমুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় সংস্থাসমূহক “অপব্যৱহাৰ” কৰাৰ অভিযোগেৰে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ এক সংবাদমেলত ছিছোডিয়াই অভিযোগ কৰে যে বিশ্বজুৰি অৰবিন্দ কেজৰিৱাল চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কৰা কামৰ বাবে লাভ কৰা প্ৰশংসা প্ৰতিহত কৰাৰ স্বার্থত চিবিআইৰ বিষয়াসকলক তেওঁৰ ঘৰত অভিযান চলাবলৈ নির্দেশ দিয়া হৈছিল ৷
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ যঁজ আপ আৰু বিজেপিৰ মাজত হ’ব বুলি ঘোষণা কৰি তেওঃ কয় –“ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে আবকাৰী জালিয়াতিৰ বাবে চিন্তিত নহয় ৷ বৰঞ্চ তেওঁলোক অৰবিন্দ কেজৰিৱালক লৈ শংকিত ৷ কাৰণ তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান প্ৰত্যাহ্বানকাৰী বুলি গণ্য কৰিছে অৰবিন্দ কেজৰিৱালক ৷”
ছিছ’ডিয়াই কোনো ধৰণৰ ভুল কৰা নাই বুলি উল্লেখ কৰি কয় যে আবকাৰী নীতি সম্পূৰ্ণ স্বচ্ছতাৰে কাৰ্যকৰী কৰা হৈছে। তেওঁ লগতে কয় যে অনাগত দিনত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷ কিন্তু গ্ৰেপ্তাৰ কৰিলেও তেওঁৰ দলটোৱে ভাল কাম কৰাৰ পৰা বিৰত নাথাকিব ৷ বৃহস্পতিবাৰে নিউয়ৰ্ক টাইমছত দিল্লী শিক্ষা মডেলৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ হোৱাক লৈ কেন্দ্ৰ ক্ষুব্ধ হৈ পৰিছে।
দিল্লীত থকা ছিছোডিয়াৰ ঘৰৰ উপৰিও ৭খন ৰাজ্যত চিবিআইয়ে আন ৩১টা স্থানত তালাচী চলাইছিল। সুৰা নীতি উলংঘা কৰা চিবিআইৰ এফআইআৰত নাম উল্লেখ কৰা ১৫ জন অভিযুক্তৰ তালিকাত ছিছ’ডিয়া প্ৰথম স্থানত আছে।