মুঠ ২১২ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলেৰে বুধবাৰে বিয়লি ৩ বজাত আগন্তুক গুৱাহাটী পৌৰ নিগম (জি এম চি)ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সমাপ্তি হয়। মুঠ ৬০ টা ৱাৰ্ডৰ ৩০ টা ৱার্ড মহিলাৰ বাবে সংৰক্ষিত। মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ড কেইটা হৈছে- ৩৬,৩০,৪১, ৪, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩। মুঠ ৬০ টা ৱার্ডৰ বাবে ২১২ জন প্ৰর্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ ৷ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ অহা ১ এপ্ৰিলত পৰীক্ষণৰ পিছত সেই দিনাই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল। এইবাৰৰ পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৭,৯৭,৮০৭। ইয়াৰে ৩,৯৭,১২৮ গৰাকী পুৰুষ হোৱাৰ বিপৰীতে ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ জন তৃতীয় লিঙ্গৰ ভোটাৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৭৮০ টা। ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ১৯ এপ্ৰিলত পুৱা চাৰে সাত বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ ।
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৫৩ জন প্ৰাৰ্থীৰ লগতে মিত্ৰ দল অগপৰ ৭ জনকৈ প্ৰাৰ্থীয়ে দলীয় সমৰ্থকৰ বিপুল উৎসাহ উদ্দীপনাৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়ত সফল ভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। দলৰ প্ৰাৰ্থী সকলক উৎসাহ জনাবৰ কাৰণে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি কেইবাজনো ৰাজ্যিক বিষয়ববীয়া মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থাকে।