দাক্ষিণাত্যৰ তিনিখন ৰাজ্যৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ “পুতলা”ৰ দৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰসমূহৰ সৈতে ৰাজ্যপালৰ সংঘাতৰ সৃষ্টি হৈছে ৷ বিভিন্ন সিদ্ধান্তক লৈ কেন্দ্ৰই নিযুক্তি দিয়া ৰাজ্যপালসকলৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি ক্ষোভ বিয়পি পৰিছে ৷ আনকি শাসকীয় দলসমূহে ৰাজ্যপালৰ পদটোৰ সাংবিধানিক বিধানসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
কেৰেলা, তেলেংগানা, আৰু তামিলনাডুত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালসকলৰ মাজত কেইবাটাও বিষয়ক লৈ সংঘাতৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ৰাজ্যপালসকলৰ বিৰুদ্ধে কেইবাটাও বিক্ষোভ আৰু পদযাত্ৰাৰ দৰে প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিছে ৷ তামিলনাডুৰ গৱৰ্ণৰ আৰ এন ৰবিয়ে ইতিমধ্যে সীমা অতিক্ৰম কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰা মন্তব্য কৰে বুলি আক্ৰমণ কৰি আহিছে শাসকীয় দল ডিএমকেই ৷
কেৰালাত ইতিমধ্যে চিপিআই (এম) নেতৃত্বাধীন চৰকাৰৰ সৈতে তিক্ত বাকযুদ্ধত লিপ্ত হোৱা ৰাজ্যপাল আৰিফ মহম্মদ খানেও এৰ্নাকুলাম অতিথিশালাত অনুষ্ঠিত হোৱা সংবাদমেলৰ পৰা মালয়ালম টিভি চেনেলৰ দুজনক বহিষ্কাৰ কৰাক লৈ সাংবাদিক সকলে প্ৰতিবাদ কৰে ৷
১৫ নৱেম্বৰত ৰাজভৱনৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি শাসকীয় ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ঘোষণাক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দলটোৰ অভিযোগ যে ৰাজ্যপালে বিভিন্ন আইনত অনুমোদনত বিলম্ব কৰি আহিছে ৷