তালিবানত গঠন হোৱা নতুন চৰকাৰত স্থান লাভ কৰা অধিকাংশ মন্ত্ৰীয়েই হৈছে দুধৰ্ষ সন্ত্ৰাসবাদী।এই খবৰে এতিয়া চৰম বিপদৰ সংকেত দিছে আন আন ৰাষ্ট্ৰলৈ। বিশেষকৈ নতুন চৰকাৰৰ ৫ শীৰ্ষ মন্ত্ৰী ৰাষ্ট্ৰসংঘৰ ঘোষিত সন্ত্ৰাসবাদী হোৱাৰ লগতে ইয়াৰে এজন হ’ল দেশখনৰ নতুন প্ৰধানমন্ত্ৰী মোল্লা মহম্মদ হাছান আখুন্দ আৰু নতুন গৃ্হমন্ত্ৰী হৈছে চিৰাজউদ্দিন হাক্কানি।
উল্লেখ যোগ্য যে এই ৬ সন্ত্ৰাসবাদী মন্ত্ৰীৰ ভিতৰত আটাইতকৈ চৰ্চিত নামটো হৈছে চিৰাজউদ্দিন হাক্কানিৰ হাক্কানি নেটৱৰ্ক।২০১৭ চনৰ কাবুল ট্ৰাক বিস্ফোৰণত জড়িত থকা হাক্কানি নেটৱৰ্কৰ নেতৃত্বতে ১৫০ জনতকৈ অধিক লোক নিহত হৈছিল।ইয়াৰোপৰি ২০০৮ চনত কাবুলৰ এক হোষ্টেলত চলোৱা আক্ৰমণত আমেৰিকান মানুহকে ধৰি বহু সাধাৰণ লোককো হত্যা কৰিছিল হাক্কানি নেটৱৰ্ক সন্ত্ৰাসবাদীয়ে।
সেই সময়ত মাৰ্কিন চোৰাংচোৱা সংস্থাই চিৰাজউদ্দিন হাক্কানিৰ মূৰৰ দাম ১০ নিযুত অৰ্থাৎ ৭৩ কোটি টকা ঘোষণা কৰিছিল।লগতে তালিবানৰ এই নতুন চৰকাৰখনত স্থান পোৱা ৩৩ গৰাকী মন্ত্ৰীৰ ১৬ জনেই মোল্লা আৰু মৌলবী।ইয়াৰোপৰি তালিবান চৰকাৰত শ্বেখ হিবদুল্লাহ আখুন্দজাদা সৰ্বোচ্চ নেতা হ’ব, যাক আমিৰ-উল-আফগানিস্তান বুলি কোৱা হ’ব।
প্ৰধানমন্ত্ৰী মোল্লা মহম্মদ হাছানৰ লগত দুজনকৈ উপ-প্ৰধানমন্ত্ৰী নিযুক্ত হ’ব আৰু তালিবান চৰকাৰৰ নাম হ’ব ইছলামিক এমিৰেট অব আফগানিস্তান।ইফালে তালিবান চৰকাৰত কোনো মহিলাক অন্তৰ্ভুক্ত কৰা নাই। চৰকাৰ গঠনৰ এই প্ৰক্ৰিয়াত সদৰী কৰিছে যে, আফগানিস্তানত চৰকাৰী আৰু জনসাধাৰণৰ জীৱনৰ সৈতে জড়িত সকলো কথা এতিয়াৰ পৰা শ্বৰিয়া আইন অনুসৰি চলিব।
উল্লেখ যোগ্য যে তালিবানৰ এই নতুন চৰকাৰত দুই ধৰণৰ আদালত থাকিব। এখন পাব্লিক আৰু এখন শ্বৰিয়া। অৰ্থাৎ মুছলিম ধৰ্মাৱলম্বীৰ সৈতে জড়িত লোকৰ শুনানি শ্বৰিয়া আদালতত অনুষ্ঠিত হ’ব আৰু আন ধৰ্মৰ লোক সকলৰ বাবে পাব্লিক আদালতত বিচাৰ হ’ব।