VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজস্থানৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী পুত্ৰক ইডিৰ চমন, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাসগৃহতো চলিল তালাচী

voicedesk by voicedesk
October 26, 2023
in ৰাজনীতি
ৰাজস্থানৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী পুত্ৰক ইডিৰ চমন, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাসগৃহতো চলিল তালাচী
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

 

পুনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডি । কৰ্ণাটকৰ পিছত এইবাৰ ৰাজস্থানত সক্ৰিয় হৈছে ইডি । বৃহস্পতিবাৰে কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক গোবিন্দ সিং দোতাছৰা আৰু দলৰ শীৰ্ষ নেতা ওমপ্ৰকাশ হুডলাৰ বাসগৃহত তালাচী চলায় ৷  আনহাতে, মুখ্যমন্ত্ৰী অশোক গেহলতৰ পুত্ৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বৈভৱ গেহলতক জেৰাৰ বাবে ইডিয়ে চমন জাৰি কৰিছে ৷

 

ইডিৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি   দুটা পুৰণি গোচৰৰ  ভিত্তি কৰি ইডিয়ে এই অভিযান চলাইছে ৷ চৰকাৰী নিযুক্তি পৰীক্ষাত প্রশ্নকাকত ফাদিল হোৱাৰ সন্দর্ভত অবৈধ আর্থিক লেনদেনৰ সন্ধানত গোবিন্দ আৰু ওমপ্রকাশৰ বাসগৃহত তালাচী চলোৱা হয়৷ আনহাতে, বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ পুত্ৰক জেৰাৰ বাবে চমন কৰা হৈছে। অৱশ্যে বিজেপিৰ ৰাজনৈতিক প্ৰতিশোধ বুলি চর্চা আৰম্ভ হৈছে ৷

 

২০২০ চনত জয়পুৰৰ দুজন লোকে গেহলত-পুত্ৰৰ বিৰুদ্ধে মৰিচাছৰ শ্বিবনাৰ হোল্ডিংছ নামৰ কোম্পানী এটাৰ জৰিয়তে অবৈধভাৱে ধন সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে অভিযোগ কৰে যে ২০১১ চনত বৈভৱে উক্ত কোম্পানীটোৰ জৰিয়তে বেনামীভাৱে ট্ৰাইটন হোটেলৰ ২৫০০ শ্বেয়াৰ ক্ৰয় কৰিছিল। সেই অভিযোগৰ ভিত্তিত বিজেপিৰ সাংসদ কিৰোৰিলাল মীনাই গেহলত-পুত্ৰৰ বিৰুদ্ধে তদন্তৰ বাবে ইডিৰ কাষ চাপিছিল। তিনি বছৰৰ পাছত বিধানসভা নিৰ্বাচনৰ সন্মুখত ইডি তদন্তত সক্ৰিয় হৈ পৰে।

 

 

আনহাতে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজস্থান লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পূৰ্বে এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল পি এছ চিৰ দুজন সদস্য বাবুলাল কটাৰা আৰু অনিল কুমাৰ মীনাক। ইডিয়ে জনোৱা মতে, সেই তদন্তৰ ভিত্তিত জয়পুৰ, ছিকাৰ আৰু মহুৱাৰ গোবিন্দ আৰু ওমপ্ৰকাশৰ বাসগৃহত অভিযান চলি আছে। প্ৰসংগক্ৰমে সেই দুই কংগ্ৰেছ নেতা এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী ৷

 

নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া প্ৰধানমন্ত্ৰী পদৰ সময়ছোৱাত কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰুদ্ধে বাৰে বাৰে পক্ষপাতদুষ্ট আচৰণৰ অভিযোগ উত্থাপন হৈ আহিছে। যোৱা মে’ মাহত কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে ইডিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰলৈ অবৈধ বিত্তীয় লেনদেনৰ গোচৰত জাননী প্ৰেৰণ কৰিছিল। ২৫ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ প্ৰচণ্ড প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে ইডিৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

 

গেহলতৰ ভাতৃক সাৰ দুৰ্নীতিৰ গোচৰত চলিত মাহত ইডিয়ে জেৰা কৰিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়   – “ৰাজস্থানত কংগ্ৰেছ চৰকাৰে মহিলাৰ বাবে নতুন আঁচনি আৰম্ভ কৰিলে। ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙৰ দোটাছাৰা ঘৰত ইডিৰ অভিযান। মোৰ ল’ৰা বৈভৱক ইডিৰ আগত হাজিৰ হ’বলৈ মাতিছে। বুজা যায় যে কংগ্ৰেছে আগবঢ়োৱা আঁচনিৰ দ্বাৰা ৰাজস্থানৰ মহিলা, কৃষক আৰু দৰিদ্ৰ লোকসকলে লাভৱান হোৱাটো বিজেপিয়ে নিবিচাৰে।”

Previous Post

“মোৰ মাটি মোৰ দেশ” কার্যসূচীৰ অমৃত কলহ যাত্ৰাৰ ৰাজ্যিক অনুষ্ঠানত ৰাজ্যপাল, কাইলৈ ৰে’লযোগে নতুন দিল্লীলৈ নিয়া হ’ব ২৭০ টা অমৃত কলহ

Next Post

কৰ্ণাটকত ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত টাটা ছুম’ বাহনৰ প্ৰচণ্ড খুন্দা, ১২জন লোকৰ মৃত্যু

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
কৰ্ণাটকত ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত টাটা ছুম’ বাহনৰ প্ৰচণ্ড খুন্দা, ১২জন লোকৰ মৃত্যু

কৰ্ণাটকত ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত টাটা ছুম’ বাহনৰ প্ৰচণ্ড খুন্দা, ১২জন লোকৰ মৃত্যু

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7