আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে আঞ্চলিক দল অগপ। দিছপুৰস্থিত নতুন বিধায়ক আৱাসত সোমবাৰে নিশা অনুষ্ঠিত হয় দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। দলৰ সাংগঠনিক দিশ সন্দৰ্ভত এই বৈঠকখনত বিশদভাৱে আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাই কয় – “ আমি দলৰ সংগঠন, ভৱিষ্যৎ কর্মপন্থা, লোকসভা নির্বাচন আদি বিষয়ক লৈ আলোচনা কৰিছো ৷ “
ইপিনে আসন বুজাবুজিৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে তেওঁলোকে যাৰ লগত কথা পাতিব লাগে তেওঁলোকৰ লগত পাতিব ৷ তেওঁ কয় –“ দলীয় মঞ্চত পাতিম,এনডিএৰ অংশ হিচাপে বিজেপিৰ লগত আসনৰ কথা পাতিম ৷ এতিয়ালৈ কোনো কথা পতা নাই ৷এইবাৰ লোকসভালৈ আমি নিশ্চিতভাৱে প্ৰতিনিধি পঠাম ৷”
আনহাতে দলৰ জ্যেষ্ঠনেতা ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় – “ আমাৰ দলৰ বিষয়ববীয়াৰ আলোচনা অনুষ্ঠিত কৰা হৈছে ৷ বিশেষভাৱে আগন্তুক লোকসভা আৰু পঞ্চায়ত নির্বাচন সন্দর্ভত আলোচনা হয় ৷ একেবাৰে তৃণমূল পর্যায়ৰ পৰা দলটোক আৰু অধিক শক্তিশালী কৰিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷প্ৰতিখন জিলা আৰু বিধানসভা সমষ্টিত কর্মকতা সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আমাৰ ভাতৃ-ভগ্নী সংগঠনে দলটো শক্তিশালী কৰাৰ বাবে বছৰজুৰি কাম কৰিব ৷ বিজেপিৰ নেতৃবৃন্দৰ গত এতিয়ালৈ কোনো আলোচনা অনুষ্ঠিত হোৱা নাই ৷ গতিকে খুব সোনকালে লোকসভা নির্বাচনৰ সমষ্টিৰ ভাগ বতৰাক লৈ শীঘ্ৰে আলোচনা অনুষ্ঠিত হ’ব ৷ এই আলোচনাত আমাৰ মর্যাদা বিজেপি নেতৃত্বই যাতে অটুট ৰাখে তাৰ বাবে আমি আমাৰ দলৰ ফালৰ পৰা অনুৰোধ জনাম ৷ আমি আগতেও কৈছো যে বিজেপি নেতৃত্বৰে আলোচনাত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম ৷ “