২০২৪ চনত অনুষ্ঠিত হ’ব লোকসভা নির্বাচন ৷ ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নির্বাচনী কুচকাৱাজ ৷ কালি প্ৰদেশ কংগ্ৰেছে আগন্তুক লোকসভা নির্বাচনৰ এখন সাম্ভাৱ্য প্ৰার্থীতালিকা প্ৰকাশ কৰাৰ পাছতে তৎপৰ হৈ পৰিছে আন ৰাজনৈতিক দলসমূহো ৷
কংগ্ৰেছৰ পাছত এইবাৰ সাম্ভাৱ্য প্ৰার্থী তালিকা প্ৰকাশ কৰিছে এআইউডিএফে ৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ তিনিটা লোকসভা সমষ্টিত প্ৰার্থী প্ৰদান কৰিব বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৷ ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ সমষ্টিতহে প্ৰার্থী প্ৰদান কৰিব দলটোৱে ৷ আভ্যন্তৰীন সমীক্ষাৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হৈছে ৷ ধুবুৰীৰ প্ৰার্থী হ’ব বদৰুদ্দিন আজমল ৷ নগাওঁ লোকসভা সমষ্টিৰ দুজনীয়া প্ৰার্থীতালিকা প্ৰস্তুত কৰা হৈছে ৷ তালিকাত আছে আমিনুল ইছলাম আৰু জেহিৰুল ইছলামৰ নাম ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে তিনিজনীয়া প্ৰার্থীতালিকা প্ৰস্তুত কৰিছে এআইডিইউএফে ৷ তালিকাত আছে চিৰাজুদ্দিন আজমল, ডঃ কে এম বাহাৰুল আৰু চাবুল আহমেদ চৌধুৰীৰ নাম ৷ প্ৰার্থী তালিকাত নাম থকাসকলৰ ভিতৰত আছে বদৰুদ্দিনৰ ভাতৃ হৈছে চিৰাজুদ্দিন আজমল ৷
ইফালে অসম জাতীয় পৰিষদেও সাম্ভাৱ্য প্ৰার্থীতালিকা প্ৰস্তুত কৰিছে ৷ দলীয় সুত্ৰ অনুসৰি ডিব্ৰুগড়ত লুৰীণ জ্যোতি গগৈ, লখিমপুৰত জগদীশ ভূঞা, তেজপুৰত ডঃ জৈমিনি ভাগৱতী,নগাঁৱত জিয়াউৰ ৰহমান অথবা ডঃ প্ৰদীপ দেৱ মহন্ত , গুৱাহাটীত কমল নয়ন চৌধুৰী, কাজিৰঙাত ৰাজু ফুকন অথবা পুলিন হাজৰিকা, বৰপেটাত জেৰিফা ৱাহিদ অথবা চন্দ্ৰকান্ত দাস, ধুবুৰীত দুলু আহমেদ অথবা ছুৰত আলী শ্বেইখক প্ৰার্থীত্ব প্ৰদান কৰিব পাৰে ৷ আন সমষ্টিসমূহ মিত্ৰ দলক এৰি দিয়াৰ সম্ভাৱনা আছে ৷