২৩ ডিচেম্বৰত অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থদিনটোত বিধান সভাৰ বাহিৰত বিশেষ টি-চাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ এ পি এছ ছিৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ প্ৰতিবাদত অখিল গগৈয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত বিধায়ক গৰাকীয়ে পৰিধান কৰিছিল এক বিশেষ টি-চাৰ্ট য’ত লিখা আছিল –‘APSCত অসমীয়া ভাষা শেষ?’, ‘ভাষা নাথাকিলে জাতি নাথাকে’ ৷
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘APSCৰ পৰা অসমীয়া ভাষা আঁতৰাব নোৱাৰিব ৷ APSCত থাকিবই লাগিব অসমীয়া ভাষা’ ৷ আনহাতে উচ্চ ন্যায়ালয়ত স্থগিতাদেশ জাৰি কৰা দুয়োগৰাকী অধিবক্তাক অভিনন্দন জনায় তেওঁ ৷ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁ পুনৰ কয় যে , ‘হিমন্ত বিশ্ব শৰ্মাই নিশা সপোন দেখি পুৱা আইন আনে ৷প্ৰতিশোধ পৰায়ণ নীতিৰে আইন আনে হিমন্ত বিশ্ব শৰ্মাই ৷আমি তীব্ৰ বিৰোধিতা কৰিম ৷নাগপুৰ-দিল্লীৰ আঙুলিত নছা কোনো আইন আমি নামানো ‘৷
আনহাতে ‘দ্য আছাম পুলিচ সংশোধনী বিধেয়ক সন্দৰ্ভত তেওঁ কয় ,’ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাবোৰ লুকুৱাবলৈ এই বিধেয়ক ৷যাতে এই আইনৰ সুৰুঙাৰে সাৰি যাব পাৰে দোষী আৰক্ষীও ৷