অতি শীঘ্ৰেই ভাঙি পেলোৱা হ’ব বিধায়ক আবাসৰ সকলো অসম আৰ্হিৰ ঘৰ। আজিলৈকে বিধায়ক সকলক আবাস খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল যদিও বৰ্তমান এই সময়সীমা আৰু এসপ্তাহ বঢ়াই দিয়া হৈছে ৷ এই ক্ষেত্ৰত আৰু এক সপ্তাহ সময় অপেক্ষা কৰিব বিধানসভা সচিবালয়ে।এইবাৰ বিধায়কৰ অসম আৰ্হিৰ ঘৰসমূহৰ স্থানত নিৰ্মাণ কৰা হ’ব ১০ মহলীয়া অট্টালিকা।
জানিবপৰা মতে বিধায়কসকলৰ বাবে দুটা অট্টালিকা আৰু বিধায়ক ষ্টাফৰ বাবেও এটা অট্টালিকা নিৰ্মাণ কৰা হ’ব। অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব এই নিৰ্মাণৰ কাম আৰু ৩ বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি বিধায়কসকলৰ হাতত তুলি দিয়া হ’ব ঘৰ ।
উল্লেখযোগ্য যে প্ৰতিগৰাকী বিধায়ককে এই সময়ছোৱাত ৫০ হাজাৰ টকাকৈ ভাড়াঘৰৰ বাবদ প্ৰদান কৰা হ’ব মাননী । শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।