বিৰোধী দলৰ আহ্বানক অৱজ্ঞা কৰি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত কমেও ১৭টা অবিজেপি দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। ইয়াৰে একাংশ বিজেপি নেতৃত্বাধীন এন ডি এৰ সদস্য। আন দল বিজেপি বা বিৰোধী মিত্ৰজোঁটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় ৷
বিজেপি আৰু বিৰোধী মিত্ৰজোঁটৰ পৰা ‘সমান দূৰত্ব’ বজাই ৰখা নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ওড়িশাৰ বিজু জনতা দল, অন্ধ্ৰ ৱাই এছ আৰ কংগ্ৰেছ, পঞ্জাৱৰ শিৰোমণি আকালি দলে উপস্থিত থকাৰ কথা ঘোষণা কৰিছে। নবীন পাটনায়ক, জগনমোহন ৰেড্ডী, সুখবীৰ বাদলৰ এই সিদ্ধান্তই অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক নিশ্চয় সকাহ দিব। ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দল এন পি পিয়ে দেওবাৰে প্ৰতিনিধি প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে।
আনুষ্ঠানিকভাৱে এন ডি এৰ সদস্য নহ’লেও অন্ধ্ৰ প্ৰদেশৰ শাসকীয় ৱাই এছ আৰ কংগ্ৰেছৰ দৰে মূল বিৰোধী দল তেলেগু দেশম পাৰ্টিয়েও মোদীৰ কাৰ্যসূচীত যোগদান কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে ‘বিৰোধী ঐক্য’ গঢ়ি তোলাৰ পদক্ষেপক ‘উল্লেখযোগ্য’ বুলি বিবেচিত হৈছে। প্ৰয়াত মোদী কেবিনেট সদস্য ৰামবিলাস পাছৱানৰ সাংসদ পুত্ৰ চিৰাগকো দেওবাৰে চেণ্ট্ৰেল ভিষ্টাত দেখা পোৱাৰ সম্ভাৱনা আছে যদিও এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
সংসদ উদ্বোধনী অনুষ্ঠানত বিজেপিৰ মিত্ৰ দলৰ ভিতৰত তিনিজন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী — পশুপতি পাৰসৰ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টি, ৰামদাস আথৱালৰ আৰ পি আই এ, অনুপ্ৰিয়া পেটেলৰ আপনা দল (এছ) — উপস্থিত থাকিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ শিৱসেনা, হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুছমান চৌটালাৰ জেজেপি, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পলানিস্বামীৰ এডিএমকে, ঝাৰখণ্ডৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুদেশ মাহাতোৰ আজছুও থাকিব। লগতে তামিল মেনিলা কংগ্ৰেছ, আই এম কে এম কেৰ দৰে আঞ্চলিক দল। দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ এন ডি পি পি, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মিজো নেচনেল ফ্ৰণ্টকো দেখা যাব। লগতে নাগালেণ্ড পিপলছ পাৰ্টিও থাকিব।
প্ৰসংগক্ৰমে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰথমে সোমবাৰে অভিযোগ কৰিছিল যে অহা দেওবাৰে মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ যোৱা কাৰ্যসূচীলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ কৰা হোৱা নাছিল। বুধবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰা প্ৰথমটো ৰাজনৈতিক দল আছিল তৃণমূল। এই পৰ্যন্ত ১৯টা বিৰোধী দলে বৰ্জনৰ তালিকাত যোগদান কৰিছে।