মণিপুৰত আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই আজি শিৱসাগৰৰ আমগুৰিত আৰম্ভ হ’ব। এই ন্যায় যাত্ৰাৰ পূৰ্বে শিৱসাগৰত তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে । বিশেষকৈ ন্যায় যাত্ৰাৰ পূর্বে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ন্যায় বিচাৰি কৰা প্ৰতিবাদে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰাৰ ন্যায় বিচাৰি এই প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷
অংকিতা দত্তইই ন্যায় যাত্ৰাৰ বেনাৰত লগতে ৰাহুল গান্ধী আৰু নিজৰ ফটো সংলগ্ন কৰি ন্যায় বিচৰা পৰিলক্ষিত হৈছে ৷ আমগুৰিৰ বিভিন্ন প্ৰান্তত লগোৱা বেনাৰত অংকিতাই লিখিছে, “মহিলাসকলে প্ৰতিদিনে সন্মুখীন হোৱা অন্যায়ত আপুনি ভাগৰি পৰিছেনে ?”
আমগুৰিত অংকিতা দত্তই কান্দি কান্দি ন্যায়ৰ দাবী কৰিছে। নিজৰ বহিস্কাৰৰ উত্তৰ বিচাৰি তেওঁ প্ৰতিবাদ কৰিছে। তেওঁ কয়, ‘‘মই ১০ মাহে বনবাসত আছো। মই দলৰ পৰা ন্যায় বিচাৰিছিলো, কিন্তু নাপালো। বিগত ১০ মাহে মই কংগ্ৰেছৰ হৈ কাম কৰিছো। মোৰ এটাই দাবী মোক ন্যায় লাগে। এই ন্যায় যাত্ৰাতে মই ন্যায় পাম বুলি আশাবাদী। ৰাহুল গান্ধীয়ে ন্যায় দিব বুলি মই আশাবাদী। দেৱব্ৰত শইকীয়াই দেউতাক কি প্ৰতিশ্ৰুতি দিছিল সেয়া মনত পেলাওক। মোক বিজেপিৰ এজেণ্ট বুলি বদনাম কৰি আছে। আজি প্ৰতিবাদ কৰাৰ কাৰণে বিজেপিৰ এজেণ্ট হৈ গ’লো। শিৱসাগৰৰ মানুহে ৰাহুল গান্ধী আহিব বুলি গমেই নাপায়। বিগত এসপ্তাহে মই ঘৰে ঘৰে গৈ সকলোকে জনাইছো।’’
উল্লেখ্য যে, কংগ্ৰেছ নেতা শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে মানসিক আৰু শাৰিৰীক নির্যাতনৰ অভিযোগ আনিছিল অংকিতাই ৷ দিছপুৰ আৰক্ষী থানাত অংকিতাই শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷
আমগুৰিত ভিন্ন প্ৰান্তত লগোৱা অংকিতাৰ বেনাৰ আঁতৰোৱাত আৰক্ষীয়ে বাধা আৰোপ কৰিছে। অংকিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, ‘‘ন্যায় লাগে যদি ছুপ্ৰীম ক’ৰ্টলৈ যাওক। ন্যায় নহয়, ৰাজনৈতিক ন্যায় লাগে অংকিতাক। ৰাস্তাত বেনাৰ আঁৰিলেই ন্যায় নাপায়। দলৰ পৰা ন্যায় লাগিলে ৬ বছৰ অপেক্ষা কৰক। অংকিতাই অঞ্জন দত্তৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে। কাৰোবাৰ শ্ৰুতলিপিত অংকিতাই এই কাম কৰিছে।’’ অৱশ্যে অংকিতাৰ এই প্ৰতিবাদলৈ কোনো সঁহাৰি নিদিয়কৈ আমগুৰি এৰে ৰাহুল গান্ধীয়ে ৷ প্ৰতিবাদস্থলীতে হুকহুকাই কান্দি উঠা অংকিতাই সেয়েহে এই যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে ৷