আগন্তুক গুজৰাট বিধানসভা নির্বাচন আৰু দিল্লীৰ পৌৰ নিগমৰ নির্বাচনত বিজেপি পৰাস্ত হ’ব বুলি মতোপোষণ কৰিছে আম আদমী পার্টী চমুকৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ আজি আহমেদাবাদত এনডিটিভিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাট নিৰ্বাচনত আপৰ মুখ্যমন্ত্ৰী প্ৰার্থী ইছুদান গড়বীৰ উপস্থিত থাকি এই মন্তব্য কৰে কেজৰিৱালে।
১৮২ জনীয়া গুজৰাট বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব।৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।আপৰ মুৰব্বী গৰাকীয়ে এফালে দিল্লী পৌৰ নিগমৰ নিৰ্বাচন আৰু আনফালে গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ সৈতে একেসময়তে ভব্যস্ত হৈ থাকিবলগীয়া সন্দর্ভত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বিজেপিৰ নেতৃত্ব এঠাইত আৱদ্ধ হৈ আছে ৷
তেওঁ কয় -“অৰবিন্দ কেজৰিৱালক ক্ষতিগ্ৰস্ত কৰিবলৈ তেওঁলোকে একেলগে দুটা নিৰ্বাচনঅনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে। এতিয়া তেওঁলোকেহে এঠাইত আৱদ্ধ হৈ আছে, মই নহয়। তেওঁলোকেহে ভয় খাইছে, মই নহয়। তেওঁলোকে কেজৰিৱালক ভয় কৰিছে ৷” তেওঁ আৰু কয় যে বিজেপিৰ শীৰ্ষ নেতৃত্বই দুয়োটা নিৰ্বাচনতে পৰাস্ত হ’ব।
একেলগে দুয়োটা নিৰ্বাচন কেনেদৰে পৰিচালনা কৰিব সেই সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰি আপ নেতাগৰাকীয়ে কয় যে, “এই নিৰ্বাচনসমূহ জনসাধাৰণে পৰিচালনা কৰিব। গুজৰাটত বিজেপি চৰকাৰক লৈ ৰাইজ সুখী নহয়।”
দিল্লীৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, “দিল্লীত আপ চৰকাৰক লৈ মানুহ সুখী আৰু সন্তুষ্ট। সেইবাবেই দিল্লীত কোনো নতুন দল জীয়াই থাকিব নোৱাৰিব আৰু দিল্লীক লৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। তাৰ তুলনাত যদি আপুনি গুজৰাটলৈ চায়, তেন্তে এই বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত কৰা এক সমীক্ষাত আপৰ সংখ্যা আছিল শূন্য শতাংশ।আজি একেটা সমীক্ষাতে আপৰ সংখ্যা ২৯-৩০ শতাংশ দেখা গৈছে।