দিল্লীৰ পাছতে পাঞ্জাৱত চৰকাৰ গঠনৰ পাছত এইবাৰ হিমাচল প্ৰদেশত নির্বাচনী ৰণশিঙা বজালে অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ৷ চলিত বর্ষতে নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত প্ৰচাৰ অভিযান আৰম্ভ কৰি খোপনি পুটিবলৈ বিচাৰিছে আপে ৷ আজি এখন সভাত ভাষণ প্ৰদান কৰি কেজৰিৱালে হিমাচল প্ৰদেশৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰক আক্ৰমণ কৰি কেজৰিৱালে কয় যে হিমাচল চৰকাৰে আপৰ ধাৰণা নকল কৰিছে ৷ এই প্ৰসংগতে কেজৰিৱালে হিমাচলৰ মুখ্যমন্ত্ৰী জনে শেহতীয়াকৈ ১২৫ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰাৰ কথা উল্লেখ কৰে ৷
हिमाचल के लोग भी अब दिल्ली-पंजाब जैसी साफ़ नीयत की ईमानदार सरकार चाहते हैं। देवस्थान काँगड़ा में जनसभा | LIVE https://t.co/xA6wjyFzBH
— Arvind Kejriwal (@ArvindKejriwal) April 23, 2022
যোৱা সপ্তাহত, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এক অনুষ্ঠানত কৈছিল- “সকলো গ্ৰাহকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। এই সিদ্ধান্তই প্ৰায় ১১.৫ লাখ গ্ৰাহকক লাভান্বিত কৰিব আৰু বছৰি ২৫০ কোটি অতিৰিক্ত ব্যয় কৰা হ’ব ৷”কেজৰিৱালে এই ঘোষণাৰ কথা উল্লেখ কৰি কয় যে তেওঁ ৰাজ্যখন ভ্ৰমণৰ আগতে এই বৃহৎ ঘোষণা কৰা হ’ল ৷
আপৰ মুৰব্বীগৰাকীয়ে সমবেত লোকসকলক লগতে কয়, “একেটা পৰীক্ষা গৃহত ঠাকুৰ কেজৰিৱালৰ পিছফালে বহি আছিল ৷ তেওঁ কেজৰিৱালৰ কাকতৰ পৰা নকল কৰিছিল। আমি দিল্লীত ৩০০ ইউনিট বিনামূলীয়াকৈ প্ৰদান কৰো ৷ ঠাকুৰে কৈছিল যে হিমাচলত ১২৫ টা ইউনিট বিনামূলীয়াকৈ দিব । কিন্তু আপোনালোকে নকল কৰাৰ বাবেও এটা পৰিকল্পনা কৰিব লাগিব ৷ মই হিমাচল প্ৰদেশৰ লোক আৰু মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক দিল্লী ভ্ৰমণ কৰি তাত থকা চৰকাৰী বিদ্যালয়সমূহ চাবলৈ আমন্ত্ৰণ জনাইছো।”সমাৱেশত, আপৰ মুৰব্বীয়ে তেওঁৰ দলে আন ৰাজ্যতো উত্থাপন কৰি অহা বিষয়বোৰ – শিক্ষা, স্বাস্থ্য আৰু উন্নয়নৰ ওপৰত বাখ্যা কৰে।