কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোৰো যাত্ৰা আৰম্ভ কৰাৰ সময়তে দলটোত আৰম্ভ হৈছে আন এক বিভাজন ৷ গোৱাৰ পাছত এইবাৰ ৰাজস্থানত আৰম্ভ হৈছে ৰাজনৈতিক সংকট ৷ দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নির্বাচনত মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণৰ পাছতে ৰাজস্থানত সৃষ্টি হৈছে হাইভল্টেজ ৰাজনৈতিক নাটক ৷ দেওবাৰে মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰতি আনুগত্যশীল ৯০ জনতকৈ অধিক কংগ্ৰেছ বিধায়কে পদত্যাগ কৰাৰ ভাবুকি দিয়াৰ লগে লগে ৰাজস্থানত এই সংকটৰ সৃষ্টি হয় ৷
ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে অশোক গেহলটৰ ঠাইত উপ-মুখ্যমন্ত্ৰী শচীন পাইলটক কংগ্ৰেছ নেতৃত্বই বিচৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ পাছতে বিধায়কসকলে পদত্যাগৰ হুংকাৰ দিয়ে ৷ বিধায়কসকলে গেহলট বা তেওঁৰ দ্বাৰা নির্বাচিত প্ৰতিনিধিক মুখ্যমন্ত্ৰীৰ দায়িত্ব অর্পণ কৰিবলৈ দাবী উত্থাপন কৰে ৷ তেওঁলোকে লগতে কয় যে শচীন পাইলটে ২০২০ চনত গেহলটৰ বিৰুদ্ধে বিসম্বাদৰ সময়ত চৰকাৰক সমৰ্থন কৰা বিধায়ককহে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগিব ৷
ইয়াৰ পাছতে চিন্তিত হৈ পৰে কংগ্ৰেছৰ শীর্ষ নেতৃত্ব ৷ বিধায়কসকলক ‘বিপথে পৰিচালিত’ কৰা হৈছে বুলি কংগ্ৰেছ নেতৃত্বই ৷ পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দুজন কেন্দ্ৰীয় নেতাক জয়পুৰলৈ প্ৰেৰণ কৰিছে ৷ পৰ্যবেক্ষক মল্লিকার্জুন খৰ্গে আৰু অজয় মাকেনক বিধায়কসকলৰ সৈতে এজন এজনকৈ আলোচনা কৰি সংকট দূৰ কৰিবলৈ নিৰ্দেশ দিছে।
কংগ্ৰেছ দলৰ সূত্ৰই সংবাদমাধ্যমক জনোৱা মতে, ৰাজ্যৰ ৰাজনৈতিক সংকটক লৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে দলৰ হাইকমাণ্ড ৷তেওঁলোকে কয় যে ৰাজস্থানত প্ৰতিটো সিদ্ধান্ত গেহলটৰ পৰামৰ্শ লোৱাৰ পিছতহে লোৱা হৈছিল। দেওবাৰে নিশাৰ ঘটনাবোৰত গেহলটে তেওঁৰ হাত নাই বুলি নিশ্চিত কৰাৰ পাছতো তেওঁৰ নিৰ্দেশত বিধায়কসকলে পদত্যাগ কৰা বুলি দলৰ হাইকমাণ্ডে অনুভৱ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি, দলৰ হাইকমাণ্ডে অনুভৱ কৰিছে যে অশোক গেহলটৰ আশে-পাশে থকা লোকসকলে তেওঁক পতিয়ন নিয়াইছে যে মুখ্যমন্ত্রীৰ পদটো দলৰ সভাপতিতকৈও ডাঙৰ৷
ইফালে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালকো ৰাজস্থানলৈ প্ৰেৰণ কৰিছে। বিধায়কসকলৰ বিদ্ৰোহক লৈ ভেনুগোপালে অশোক গেহলটৰ পৰা সৱিশেষ বিচাৰিছে বুলি জানিব পৰা গৈছে