সীমা সংঘাতক লৈ শুকুৰবাৰে বিয়লি খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকৰ পিছত দুয়োখন ৰাজ্যৰ মাজত সঘনাই হৈ থকা সংঘাতৰ ওৰ পৰিব বুলি আশা কৰা হৈছিল। কিন্তু এই ধাৰণাক সম্পূৰ্ণ মিছা প্ৰমাণিত কৰি দুয়োখন ৰাজ্যৰ সীমান্ত পুনৰ উত্তপ্ত হৈ পৰিল।
একাংশ উত্তেজিত লোকে অসম মিজোৰাম সীমান্তৰ ভাগা বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি মিজোৰাম অভিমুখী চাৰিখন সামগ্ৰী কঢ়িওৱা বাহন ভাঙি চূৰমাৰ কৰে।
কৰিমগঞ্জৰ পৰা কণী বোজাই কৰি মিজোৰামলৈ যাবলৈ ওলোৱাৰ সময়তে উত্তেজিত ৰাইজে বাটতে আগভেটি ধৰি কণীবোৰ নষ্ট কৰাৰ লগতে বাহন চাৰিখনো ভাঙি চূৰমাৰ কৰে।
উল্লেখ্য যে খানাপাৰৰ বৈঠকৰ পূৰ্বেও মিজোৰামৰ আইজলত অসম আৰু মিজোৰামৰ মাজত মন্ত্ৰী পৰ্যায়ৰ উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতো কাছাৰ জিলাৰ লাইলাপুৰত অব্যাহত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ।
ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে অতি তৎপৰতাৰে অসম চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও ৰাইজৰ মাজত উত্তেজনা এতিয়াও শাম কটা নাই।