৮০ খন পৌৰ সভাৰ বাবে অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন ৷ শেষমুহুর্তত ভোটাৰৰ মন জয় কৰিবলৈ প্ৰার্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে পৰিলক্ষিত হৈছে ৷ নাচি-বাগি তথা ঘৰে ঘৰে গৈ প্ৰার্থীসকলে প্ৰচাৰ চলোৱাৰ লগতে নিজৰ পক্ষত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৷অহা ৬ মার্চত অনুষ্ঠিত হ’ব পৌৰ সভাৰ ভোটগ্ৰহণ ৷ ৯ মার্চত ঘোষণা কৰা হ’ব পৌৰ সভা নির্বাচনৰ ফলাফল ৷ এইবাৰ প্ৰথমবাৰৰ বাবে পৌৰ সভাৰ নির্বাচনত ব্যৱহাৰ কৰা হ’ব ই ভি এম ৷ মুঠ ২,০৫৪ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ১২৯ টা ৱার্ডৰ বাবে হ’ব নির্বাচন ৷ ইয়াৰে ৮০ টাতকৈয়ো অধিক ৱার্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে শাসনাধিষ্ঠিত বিজেপিয়ে ৷ ডিব্ৰুগড় জিলাত সর্বাধিক ১২৯ টা ভোটগ্ৰহন কেন্দ্ৰ আছে ৷ মুঠ ১.৭ লাখ ভোটাৰে নির্ণয় কৰিব প্ৰার্থীৰ ভাগ্য ৷