নগা আও ছাত্ৰ ফেডাৰেচনে দিচৈ ভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি ফলক অঁৰা ঘটনাক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নী সীমান্ত। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু দিচৈ ভেলী বনাঞ্চলৰ ভিন্ন স্থানত ৬খন ঠাইত ফলক আঁৰি নগাই বেদখলৰ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে।
অসম-নাগালেণ্ডৰ শান্তি চুক্তি অনুসৰি দুয়োখন ৰাজ্যই সীমান্তৰ পৰা মাত্ৰ দুদিন আগতে আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছতো নগা ছাত্ৰ সংগঠনে এনেদৰে বেদখলৰ প্ৰচেষ্টা চলোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দুদিন পাছতেই ছাত্ৰ সংগঠনটোৰ এই বেদখল কাৰ্যই এখন বেলেগ ছবিহে প্ৰতিফলিত কৰিছে। প্ৰকৃততে নগাই কোনো চুক্তি অনুসৰণ নকৰে আৰু শান্তি চুক্তি এক ধৰণৰ ভুৱা বাৰ্তা বুলি একাংশ ৰাইজে মন্তব্য কৰিছে।
উল্লেখযোগ্য যে নগাই দিচৈ ভেলীত দীৰ্ঘ সময় জুৰি বেদখল কাৰ্য চলাই আহিছে। কিন্ত আচৰিত ধৰণেৰে শান্তি চুক্তিত বেদখল সম্পৰ্কীয় কোনো কথাই স্থান পোৱা নাছিল। আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰাৰ বিষয়টোয়েহে ইয়াত গুৰুত্ব পালে।
একাংশ ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে অসম চৰকাৰে বেদখল সন্দৰ্ভত কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নাই আৰু নিজৰ স্থিতিও স্পষ্ট কৰা নাই। নগাৰ নিৰ্মাণত উচ্ছেদ নকৰি চৰকাৰে অসমৰ ভূমি পৰোক্ষ ভাৱে নগাক এৰি দিয়া বুলিও ৰাইজে ক্ষোভ উজাৰে।