ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সোমবাৰে ঘোষনা কৰা হৈছে নতুন SOP । ১০ জুলাই ২০২১ৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’বলগীয়া SOPৰ নিয়মবোৰ পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অপৰিৱৰ্তিত ৰূপত থাকিব। নতুন SOP অনুসৰি প্ৰযোজ্য নিয়ম এনে ধৰণৰ–
ক’ভিড পৰিস্থিতিৰ কিছু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
সকলো কৰ্মস্থান, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্ট, ধাবা আৰু অন্যান্য ভোজনালয় তথা ধাবা আৰু অন্যান্য ভোজনালয়ৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰা, শীতলীকৰণ ভঁৰাল আৰু গুদামৰ বিক্ৰী কাউণ্টাৰ, শ্ব’ৰুম আদি খোলা, সামগ্ৰী, ফল আৰু পাচলি, দুগ্ধজাত সামগ্ৰী আৰু দুগ্ধকেন্দ্ৰৰ সৈতে লেনদেন কৰা দোকান, পশুখাদ্যৰ দোকানবোৰ ৰাজ্যজুৰি সন্ধিয়া ৫ বজালৈকে খোলা থাকিব।
সকলো আন্তঃজিলা যাত্ৰী পৰিবহন সেৱা আৰু আন জিলাৰ পৰা অহা-যোৱা কৰা লোকসকলৰ চলাচল স্থগিত থাকিব। অৱশ্যে, সামগ্ৰীৰ চলাচল অব্যাহত থাকিব।
সকলো ৰাজহুৱা পৰিবহন কৰ্তৃপক্ষই ক’ভিড-১৯ৰ উপযুক্ত আচৰণ বিধি অনুসৰণ কৰি যাতায়ত কৰিব।
ৰাজহুৱা সমাৱেশ যেনে বিবাহ বা অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীৰ বাবে ১০ জনলৈকে অনুমতি দিয়া হৈছে।
সকলো ৰাজহুৱা স্থানত মুখৰ মুখা বা মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
আবকাৰী কৰ্তৃপক্ষই সকলো জিলাতে দেশীয় সুৰাৰ অবৈধ উৎপাদন আৰু বিক্ৰীৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব।
লগতে, আন্তঃজিলা যাত্ৰী পৰিবহণ সেৱা আৰু আন জিলালৈ অহা-যোৱা কৰা লোকসকলৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা, কিছুমান মুখ্য প্ৰতিষ্ঠানত অফলাইন শ্ৰেণীৰ প্ৰয়োজনীয়তা-আধাৰিত পৰিচালনা, ধৰ্মীয় স্থান পুনৰ মুকলি কৰা আৰু ৰাজ্য-সুৰক্ষিত স্মাৰক আৰু স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি ব্যাপকভাৱে পৰ্যালোচনা কৰা হ’ব।
এই আদেশৰ দ্বাৰা বিশেষভাৱে পৰিৱৰ্তন কৰাবোৰৰ বাহিৰে বাহন চলাচলৰ বাবে যুগ্ম-অযুগ্ম সূত্ৰ, প্ৰতিৰোধ ক্ষেত্ৰ ঘোষণা ইত্যাদি ২ আগষ্ট, ২০২১- ৰ আদেশত জাননী দিয়া অনুসৰি ৰেহাই সহ অন্যান্য প্ৰতিবন্ধকতা বোৰ বাহাল থাকিব বুলি জাননীখনত কোৱা হৈছে।