গুৱাহাটী, ৩১ জানুৱাৰীঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছ দলে প্ৰস্তুতি আৰম্ভ কৰিছে। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন দিশ তদাৰক কৰাৰ বাবে সভাপতি ৰিপুণ বৰাই এখন পাঁচজনীয়া সমিতি গঠন কৰি দিছে। অৰূপজ্যোতি ভূঞাক আহ্বায়ক হিচাপে লৈ গঠন কৰা সমিতিখনৰ বাকী সদস্যসকল হলঃ গজেন্দ্ৰ প্ৰসাদ উপমন্যু, দিলীপ শৰ্মা, তড়িত চ্যাটাৰ্জী আৰু শ্বেইখ মহম্মদ চাদিক। সমিতিখনে সাংগঠনিক প্ৰস্তুতি আৰু পৰামৰ্শ প্ৰদান কৰা, ৰণকৌশল প্ৰস্তুত কৰা, নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা, নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰিকল্পনা কৰা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসন আৰু অঞ্চল নিৰ্ধাৰণ আদি বিষয়সমূহ তদাৰক কৰিব। উল্লেখ্য যে সমিতিয়ে উক্ত বিষয়ৰ সন্দৰ্ভত সভাপতি ৰিপুণ বৰাৰ ওচৰত ৰিপৰ্ট দাখিল কৰিব লাগিব।