লোকসভা নির্বাচন ওচৰ চাপি অহাৰ লগে লগে পুনৰ সাম্প্ৰদায়িক মন্তব্যৰে ভোটাৰক আকর্ষনৰ প্ৰচেষ্টা আৰম্ভ কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ পুনৰ একেই ৰাজনীতি তেওঁ আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ এখন সভাত তেওঁ কয় যে তিনিদিন মিঞা নাথাকিলে গুৱাহাটী কৱৰস্থানৰ দৰে হৈ পৰে ৷
এআইইউডিএফ দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বাঘবৰ সমষ্টি কমিটিৰ সহযোগত নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত বামুন-দংৰাত অনুষ্ঠিত হোৱা কর্মী সভা সম্বোধন তেওঁ কয় – “৩ দিন মিঞা গুৱাহাটীত নাথাকিলে গুৱাহাটী কবৰস্থান হৈ পৰে । আমাৰ ল’ৰা-ছোৱালীয়ে বিল্ডিং নির্মানৰ কাম কৰে ৷ শাক পাচলিৰ বেপাৰী নাই, মাছ বেপাৰী নাই ৷আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় যে ১০ বছৰলৈ মিঞাৰ ভোট নালাগে ৷ আমি কৈছো কোনো মিঞাই ১০০ বছৰ পর্যন্ত বিজেপিক ভোট নিদিয়ে ৷”
লোকসভা নির্বাচনত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় –“ কেন্দ্ৰত যদি ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ হয়, তেনেহ’লে আমি তিনিখন আসনেৰে তেওঁলোকক সমর্থন জনাম ৷ এই নির্বাচনৰ পাছত এদিনৰ বাবেও দিল্লীত বিজেপি চৰকাৰ থকাটো আমি নিবিচাৰো ৷ অসমত এদিনৰ বাবেও বিজেপি চৰকাৰ থকাটো আমি নিবিচাৰো ৷ আমাক আগফাল-পিছফাল-সন্মুখ-তল সকলো ফালৰ পৰা কংগ্ৰেছে চুৰি মাৰে আৰু তাৰ পাছত কংগ্ৰেছে আমাক আলিংগন কৰি চুমা দিয়ে ৷ “
আনহাতে অসমৰ নাগৰিকত্বৰ ভিত্তিবর্ষক লৈ ৰুজু হোৱা গোচৰত কোটি কোটি টকা খৰচ কৰি হ’লেও ১৯৭১ চনৰ হকে আইনী যুঁজ কৰিব বুলি আজমলে প্ৰকাশ কৰে ৷ ইফালে ভূপেন বৰা , দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ জেপত সোমাই থকা নেতা বুলিও কঠোৰ ভাষাৰে আজমলে সমালোচনা কৰে ৷