পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুর্নীতিৰ অভিযোগৰ বিৰুদ্ধে আজি বিশাল প্ৰতিবাদ সাৱ্যস্ত কৰে বিজেপিয়ে ৷ কলকাতাৰ ৰাজ্যিক সচিবালয় ‘নবান্না’লৈ উলিওৱা বিজেপিৰ সমদলৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰতিবাদী সমদল উলিওৱাত বাধা প্ৰাদান কৰাৰ লগতে পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীকে ধৰি কেইবাজনো বিজেপি নেতাক আৰক্ষীয়ে আটক কৰে।সচিবালয়ৰ ওচৰৰ হুগলী দলঙৰ ওচৰ পোৱাৰ সময়তে ৰাহুল সিনহাকে ধৰি শুভেন্দু অধিকাৰী, বিজেপিৰ সাংসদ লকেট চেটাৰ্জীকে ধৰি আন দলীয় নেতাসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে আটক কৰে ৷
আটক কৰাৰ পূৰ্বে অধিকাৰীয়ে তৃণমূল কংগ্ৰেছক চোকা সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগক উত্তৰ কোৰিয়ালৈ পৰিণত কৰিছে। তেওঁ কয় –‘মুখ্যমন্ত্ৰী মমতা বেনার্জীলৈ নিজৰ জনসাধাৰণৰ সমৰ্থন নাই ৷ সেয়ে তেওঁ বংগত উত্তৰ কোৰিয়াৰ দৰেই একনায়কত্ববাদ বলবৎ কৰিছে । আৰক্ষীয়ে যি কৰিছে তাৰ প্ৰত্যুত্তৰ দিব লাগিব। বিজেপি আহি আছে।”
আজি পুৱা সমগ্ৰ পশ্চিমবংগৰ পৰা শতাধিক বিজেপি সমৰ্থকে কলকাতা আৰু চুবুৰীয়া ৰাজ্য হাওৰাত উপস্থিত হৈ ‘নবন্না অভিযান’ত অংশ লয় ৷ সন্ত্ৰাগাছি অঞ্চলৰ পৰা অধিকাৰীয়ে এই সমদলৰ নেতৃত্ব দিছিল ৷ আনহাতে উত্তৰ কলকাতাৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ৷ বিজেপিৰ বিশাল প্ৰতিবাদ ৰোধ কৰিবলৈ মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বেৰিকেড স্থাপন কৰে আৰক্ষীয়ে।
ৰাহুল সিনহাই মমতা বেনাৰ্জী চৰকাৰে “গণতান্ত্ৰিক প্ৰতিবাদ” বলপূৰ্বকভাৱে বন্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে বিজেপি সমৰ্থকসকলক কালি আলিপুৰদুৱাৰৰ পৰা সীলদালৈ বিশেষ ৰে’লত উঠি প্ৰতিবাদী সমদলত অংশ ল’বলৈ অহাত বাধা দিয়া হৈছিল। আৰক্ষীয়েও তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁ।
বিজেপিয়ে সমৰ্থকসকলে ‘নবন্না অভিযান’ত অংশগ্ৰহণৰ বাবে সাতখন ৰে’লৰ ব্যৱস্থা কৰিছিল ৷ উত্তৰ বংগৰ পৰা তিনিখন আৰু দক্ষিণৰ পৰা চাৰিখন ৰেলৰ ব্যৱস্থা কৰা হৈছিল ৷ ।
কলকাতালৈ বিজেপি কৰ্মী কঢ়িয়াই অনা বাছসমূহো নৰ্থ ২৪ পৰগনাত আৰক্ষীয়ে ৰখাই দিয়া বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ৰাণীগঞ্জতো কেইবাজনো দলীয় কৰ্মীক আটক কৰা হৈছে ৷