লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ বৃহস্পতিবাৰে পুৱতি নিশালৈ দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আলোচনা অনুষ্ঠিত হয় ৷ প্ৰথম অৱস্থাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সমগ্ৰ ২০খন ৰাজ্যৰ প্ৰাথমিক প্ৰাৰ্থীৰ তালিকাক সেউজ সংকেত দিলে। সূত্ৰ অনুসৰি বিজেপি নেতৃত্বই প্ৰায় ৩৫০খন আসনত প্ৰাৰ্থী ঘোষণাৰ কাম ১০ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব বিচাৰিছে। নিশা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকত যোগদান কৰে।
সূত্ৰ অনুসৰি আলোচনা কৰা সমষ্টিসমূহৰ ভিতৰত আছে বাৰাণসী। য’ৰ পৰা নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দিতা কৰিব । ইয়াৰ উপৰিও অমিত শ্বাহ (গান্ধীনগৰ), ৰাজনাথ সিং (লক্ষ্ণৌ)ৰ দৰে হেভিৱেটৰ আসনৰ বিষয়েও আলোচনা কৰা হৈছে। বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ। দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা ভূপেন্দ্ৰ যাদৱক এই যাত্ৰাত লোকসভাৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিছে দলটোৱে। তেওঁৰ পছন্দৰ আসন যাদৱ প্ৰধান ৰাজস্থানৰ আলৱাৰ। ৰাজস্থান বিধানসভাত প্ৰাক্তন সাংসদ বাবা বালকানাথে জয়লাভ কৰাৰ পিছতে আসনখন খালী হৈ পৰে। কিন্তু দলটোৱে বিচাৰে ভূপেন্দ্ৰই হাৰিয়ানাৰ ভীৱানী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক। ইয়াৰ উপৰিও গুজৰাটৰ ভৱনগৰৰ মনসুখ মাণ্ডবিয়া, ওড়িশাৰ সম্বলপুৰৰ ধৰ্মেন্দ্ৰ প্ৰধান, বাংগালুৰু (মধ্য)ৰ ৰাজীৱ চন্দ্ৰশেখৰৰ নাম আলোচনা কৰা হয়। শেহতীয়াকৈ বিএছপিৰ পৰা বিজেপিত যোগদান কৰা ৰিতেশ পাণ্ডেই উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সূত্ৰ অনুসৰি তেলেংগানা, গুজৰাট, ৰাজস্থান, গোৱা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বিষয়ে আলোচনা কৰা হয়।
উত্তৰ প্ৰদেশৰ উপৰিও গোৱা, ৰাজস্থান, উত্তৰাখণ্ড,অসমৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকে। গভীৰ নিশা অমিত শ্বাহ আৰু দলৰ সভাপতি জে পি নাড্ডাই এই বৈঠকত অংশগ্ৰহণ কৰে। সূত্ৰ অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদী, শ্বাহ আৰু নড্ডাৰ এক ব্যক্তিগত বৈঠক হৈছিল। খবৰ অনুসৰি প্রথম প্রার্থীৰ তালিকাৰ প্রাথমিক সিদ্ধান্ত লোৱা হৈছে৷
এই বৈঠকতে অসমত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া ১১ খন আসনৰ বিষয়েও আলোচনা কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই বৈঠকত অংশগ্ৰহণ কৰে ৷ আজি বিজেপিৰ প্ৰথমখন প্ৰার্থী তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে .