নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নির্বাচনকেন্দ্ৰিক পৰিৱেশত উত্তাল হৈ পৰিছে গুজৰাট ৷ বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰাজ্যখনত তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি(আপ)ৰ এজন প্ৰাৰ্থী কালিৰে পৰা পৰিয়ালৰ সৈতে নিৰুদ্দেশ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আপৰ প্ৰাৰ্থী কাঞ্চন জৰিৱালাক বিজেপিয়ে অপহৰণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপৰ শীর্ষ নেতা মনীষ চিছোডিয়াই। কাঞ্চন জৰিৱালা হৈছে চুৰাট (পূব) সমষ্টিৰ আপৰ প্ৰাৰ্থী।
গুজৰাটৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ আশংকাত বিজেপি “আতংকিত” হৈ আপৰ প্ৰাৰ্থীজনক অপহৰণ কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ৷ চিছোডিয়াই কয় – “কালিৰে পৰা কাঞ্চন আৰু তেওঁৰ পৰিয়াল নিৰুদ্দেশ হৈ আছে। তেওঁ নিজৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ বাবে কার্যালয়লৈ গৈছিল । মনোনয়ন পৰীক্ষা কৰি কাৰ্যালয়ৰ পৰা ওলাই অহা মুহূৰ্ততে বিজেপিৰ গুণ্ডাই তেওঁক লৈ যায় ৷ এতিয়া তেওঁ ক’ত আছে, সেয়া জানিব পৰা হোৱা নাই ৷ এয়া বিপজ্জনক। এয়া গণতন্ত্ৰৰ অপহৰণ, কেৱল এজন প্ৰাৰ্থীৰ নহয়।”
Watch how police and BJP goons together – dragged our Surat East candidate Kanchan Jariwala to the RO office, forcing him to withdraw his nomination
The term ‘free and fair election’ has become a joke! pic.twitter.com/CY32TrUZx8
— Raghav Chadha (@raghav_chadha) November 16, 2022
আপৰ এই অভিযোগ সন্দৰ্ভত এতিয়ালৈকে বিজেপিয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ২৭ বছৰ ধৰি গুজৰাটত ক্ষমতাত থকা শাসকীয় দলটোৱে এইবাৰ আপৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ যিয়ে ৰাজ্যখনৰ পৰম্পৰাগত বিজেপি বনাম কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতাক ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতালৈ ৰূপান্তৰিত কৰিছে। ১ আৰু ৫ ডিচেম্বৰত গুজৰাটত নতুন চৰকাৰৰ বাবে ভোটদান অনুষ্ঠিত হ’ব । অহা ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।