নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উত্তৰ প্ৰদেশত গৰম হৈ পৰিছে নির্বাচনী বতাহ ৷ কেইবাজনো মন্ত্ৰী আৰু বিধায়কে বিজেপি ত্য়াগ কৰাৰ পাছতে শাসনাধিষ্ঠিত দলটোৱে সলনি কৰিছে নির্বাচনী অংক ৷ আগন্তুক নির্বাচনক লৈ কোনোধৰণৰ ‘ৰিস্ক’ ল’ব নিবিচৰা বিজেপিয়ে ৰাজ্যখনৰ আন দুটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বুধবাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰা অনুসৰি তেওঁলোকে অপনা দল আৰু নিশাদ পাৰ্টিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব।
ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও চূড়ান্ত কৰে ৷ বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ (চিইচি) বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয় ৷ এখন সংবাদমেল সম্বোধন কৰি নাড্ডাই কয়, “২০১৯ৰ লোকসভা নিৰ্বাচনৰ দৰেই এন ডি এৰ মিত্ৰশক্তিয়ে একেলগে প্ৰতিদ্বন্দিতা কৰিছে। বিজেপি, অপনা দল আৰু নিশাদ পাৰ্টীয়ে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ৪০৩ খন আসনত যুটীয়াভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।”বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয় যে আগন্তুক নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা সন্দৰ্ভত বিগত কেইদিনমানত দুয়োটা দলৰ সৈতে বিতং আলোচনা অনুষ্ঠিত হৈছিল।
आज श्री @JPNadda जी, श्री @myogiadityanath जी व यूपी के सहयोगी दल श्रीमती @AnupriyaSPatel जी और श्री संजय निषाद जी के साथ बैठक की।
उत्तर प्रदेश की जनता का आशीर्वाद NDA के साथ है और पीएम श्री @narendramodi जी के नेतृत्व में NDA गठबंधन की प्रचंड बहुमत से सरकार बनने जा रही है। pic.twitter.com/DuqyYWkTnT
— Amit Shah (@AmitShah) January 19, 2022
অপনা দলৰ ৰাজ্যিক সভাপতি ড০ যমুনা প্ৰসাদ সৰোজে আগন্তুক নিৰ্বাচনত আসন ভাগ-বতৰাৰ বাবে বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে অন্তিম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ মঙলবাৰে দিল্লীত উপস্থিত হৈছিল। অপনা দলৰ সভাপতি অনুপ্ৰিয়া পেটেল আৰু আশীষ পেটেলো বৈঠকত উপস্থিত আছিল।অপনা দলে দাবী কৰিছে যে দলটোৱে পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এইবাৰ দুগুণ আসন লাভ কৰিব ৷যোৱা সপ্তাহত, বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১০৭ জন প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ ৪০৩ টা বিধানসভা সমষ্টিৰ নিৰ্বাচন ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ’ব।